ETV Bharat / state

কলগাছিয়াৰ বেছিমাৰীত উল্টা খান্দা নদীত ব্যাপক গৰাখহনীয়া

author img

By

Published : Aug 21, 2021, 8:27 PM IST

উল্টা খান্দা নদীৰ গৰাখহনীয়াৰ কৱলত পৰিছে কলগাছিয়াৰ বেছিমাৰীত MGNREGA ৰ অন্তৰ্গত গাঁৱলীয়া পথ সমূহ । স্বাভাৱিক জীৱন-যাত্ৰালৈকো ভাবুকি সৃষ্টি হৈছে বহু পৰিয়ালৰ ৷

river-erosion-by-ultakhanda-river-in-kalgasia
কলগাছিয়াৰ বেছিমাৰীত উল্টা খান্দা নদীত ব্যাপক গৰাখহনীয়া

জনিয়া, 21 আগষ্ট : জনিয়া সমষ্টি(Jania LAC)ৰ কলগাছিয়াৰ বেছিমাৰীত উল্টা খান্দা নদীত সৃষ্টি হৈছে ব্যাপক গৰাখহনীয়া(river erosion )ৰ । এই খহনীয়াৰ কৱলত পৰিছে MGNREGA ৰ অন্তৰ্গত গাঁৱলীয়া পথ সমূহো । এই গৰাখহনীয়াই ইতিমধ্যে কেইবাটাও পৰিয়ালৰ স্বাভাৱিক জীৱন-যাত্ৰালৈকো ভাবুকিৰ সৃষ্টি কৰিছে । উপায়ন্তৰ হৈ খহনীয়া প্ৰতিৰোধৰ বাবে এতিয়া চৰকাৰৰ ওচৰত দাবী জনাইছে অঞ্চলবাসী ৰাইজে ।

উল্লেখযোগ্য যে, কলগাছিয়া ৰাজহচক্ৰ(Kalgasia revenue circle)ৰ অন্তৰ্গত তথা লাচাংগা গাঁও পঞ্চায়তৰ বেছিমাৰীত উল্টা খান্দা সুঁতিত ব্যাপক গৰাখহনীয়াৰ বাবে শ-শ বিঘা খেতি মাটি উচন কৰাৰ লগতে সামান্য বাঢ়নি পানীত সুঁতিটোত নামনিৰ পৰা উজনিলৈ গৰাখহনীয়াই খান্দি লৈ গৈছে ৷ ইয়াৰ ফলত কেইবাটাও পৰিয়াললৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । বিগত কিছুদিনৰ পৰা ব্যপক গৰাখহনীয়া আৰম্ভ হোৱাত বেছিমাৰি ভূঞা দলঙৰ পৰা মোৱামাৰীলৈ যোৱা MGNREGA ৰ ৰাস্তাটোও এই খহনীয়াৰ কৱলত পৰিছে ।

কলগাছিয়াৰ বেছিমাৰীত উল্টা খান্দা নদীত ব্যাপক গৰাখহনীয়া

স্বাভাৱিকতেই ইয়াৰ ফলত ব্যাহত হৈ পৰিছে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা । এনে পৰিস্থিতিত এতিয়া যমৰ যাতনা ভূগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে ।

স্থানীয় ৰাইজে সাংসদ-বিধায়কক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই জন প্ৰতিনিধিয়ে ৷ অৱশ্যে, লাচাংগা পঞ্চায়তৰ আঞ্চলিক সদস্য গৰাকীৰ প্ৰচেষ্টাত সম্প্ৰতি বাহৰ পাৰ্কুপাইন নিৰ্মাণ কৰি খহনীয়া প্ৰতিৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে একাংশ স্থানীয় লোকে । শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰি ৰাইজৰ ভেটি মাটি ৰক্ষা কৰিবলৈ মন্ত্ৰী পিযুষ হাজৰিকাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো দাবী জনাইছে ভূক্তভোগী ৰাইজে ।

লগতে পঢ়ক : বিজেপিত উপেক্ষিত নেকি জ্যেষ্ঠ নেতা তথা মুছলমান নেতা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.