ETV Bharat / state

অগপক বৰপেটা পৌৰসভা গঠন কৰাৰ বাবে আহ্বান বিজেপিৰ

author img

By

Published : Mar 13, 2022, 1:03 PM IST

agp-will-form-municipal-corporation-in-barpeta
অগপকেই বৰপেটা পৌৰসভা গঠন কৰাৰ বাবে আহ্বান বিজেপিৰ

বিজেপিৰ ৰাজ্যিক প্ৰভাৰী জয়ন্ত দাসে শুকুৰবাৰে বৰপেটাত এখন সংবাদমেল আহ্বান কৰি অগপক বৰপেটা পৌৰসভাখন গঠন কৰাৰ আহ্বান জনায় ৷ পৌৰ নিৰ্বাচনত (Assam Municipal Election 2022 Result) বৰপেটাত অগপই 11 খন আসন লাভ কৰাৰ পাছতেই এগৰাকী নিৰ্দলীয় সদস্যই দলটোত (Individual ward commissioner Joining AGP) যোগদান কৰাত অগপই পৌৰসভা গঠনৰ বাবে সমৰ্থন লাভ কৰে ৷

বৰপেটা, 13 মাৰ্চ : অগপকেই বৰপেটা পৌৰসভা গঠন কৰাৰ বাবে আহ্বান জনাইছে বিজেপি দলে ৷ বিজেপিৰ ৰাজ্যিক প্ৰভাৰী জয়ন্ত দাসে শুকুৰবাৰে এখন সংবাদমেল আহ্বান কৰি অগপক শুভেচ্ছা জনোৱাৰ লগতে বৰপেটা পৌৰসভাখন গঠন কৰাৰ বাবে আহ্বান জনায় ৷

agp-will-form-municipal-corporation-in-barpeta
অগপকেই বৰপেটা পৌৰসভা গঠন কৰাৰ বাবে আহ্বান বিজেপিৰ

সদ্যসমাপ্ত পৌৰ নিৰ্বাচনত (Assam Municipal Election 2022 Result) অগপই 11খন আসন লাভ কৰিছিল যদিও পৌৰসভা গঠনৰ বাবে প্ৰয়োজন হোৱা 12 খন আসনৰ বাবে এখন আসন কমহৈ আছিল ৷ কিন্তু এগৰাকী নিৰ্দলীয় সদস্যই অগপত(Individual ward commissioner Joining AGP) যোগদান কৰাৰ পিচতেই অগপৰ সদস্য সংখ্যা 12 জনলৈ বৃদ্ধি পোৱাৰ পিচতে অগপৰ পৌৰসভা গঠন নিশ্চিত হৈ পৰিছে ৷

ইপিনে বৰপেটা পৌৰসভাত বিজেপিৰো শক্তি বৃদ্ধি পাইছে ৷ বৰপেটা পৌৰসভাৰ 8 নং ৱাৰ্ডৰ নিৰ্দলীয় সদস্য গৌতম দাসে শুকুৰবাৰে বিজেপিত(Individual ward commissioner Joining BJP) যোগদান কৰাৰ পিচতে বিজেপিৰ শক্তি 10 জনলৈ বৃদ্ধি পায় ৷

উল্লেখ্য যে, বৰপেটা পৌৰসভাৰ 22 টা ৱাৰ্ডৰ নিৰ্বাচনত অগপই 11 খন, বিজেপিয়ে 9 খন আৰু দুগৰাকী নিৰ্দলীয় সদস্য জয়ী হৈছিল ৷ ইপিনে অগপৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে বিজেপিৰে মিত্ৰতাৰে বৰপেটাত পৌৰসভা গঠনৰ কথা ঘোষণা কৰিছিল, যদিও প্ৰাক্তন বিধায়কজনে বিজেপিৰ সৈতে এইবিষয়ে কোনো যোগাযোগ কৰা নাই বুলিহে মন্তব্য কৰিছে বিজেপি নেতা জয়ন্ত দাসে ৷

অগপকেই বৰপেটা পৌৰসভা গঠন কৰাৰ বাবে আহ্বান বিজেপিৰ

প্ৰাক্তন বিধায়কজনে নিজৰ গ্লেমাৰৰ বাবেহে সংবাদ মাধ্যমত বক্তব্য প্ৰকাশ কৰা বুলি মন্তব্য কৰে জয়ন্ত দাসে ৷ আনকি বিজেপিয়ে হ'ৰ্ছ ট্ৰেডিঙৰ চেষ্টা চলোৱা বুলি অগপই অপপ্ৰচাৰ চলাই অহা বুলিও প্ৰকাশ কৰে বিজেপি নেতা জয়ন্ত দাসে ৷ বৰপেটা নগৰৰ স্বাৰ্থত বিজেপিয়ে শক্তিশালী ভূমিকা পালন কৰিব বুলি বিজেপি নেতা জয়ন্ত দাসে কৰা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ তলৰে নিৰ্মাণ হবলগীয়া সুৰংগৰ কামৰ বুজ ল’লে বৰ্ডাৰ ৰোডছৰ সঞ্চালকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.