ETV Bharat / state

Erosion in Kalgasia : খহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত খাৰবাল্লী প্ৰাথমিক বিদ্যালয়

author img

By

Published : Oct 14, 2022, 9:39 AM IST

Updated : Oct 14, 2022, 10:51 AM IST

খহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয় (School on the way to collapse in erosion) । আনফালে যন্ত্ৰচালিত নাৱেৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাত্ৰা । ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা । কাণসাৰ নাই জনপ্রতিনিধি কিম্বা জিলা প্ৰশাসনৰ (massive erosion in Kalgasia Barpeta) ।

Barpeta
Barpeta

জনীয়া, ১৪ অক্টোবৰ : ৰূপসী সংহত প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কলগাছিয়াৰ খাৰবাল্লীত খহনীয়াৰ কবলত পৰি সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয় (School on the way to collapse in erosion) । ভাৰত স্বাধীন হোৱাৰ পিছত খাৰবাল্লী গাঁৱত নিৰ্মাণ কৰা এই প্ৰাথমিক বিদ্যালয়খন এতিয়া খহনীয়াৰ কবলত (primary school in grip of erosion) ।

অন্ধকাৰ ভৱিষ্যতৰ দিশে প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী । উল্লেখযোগ্য যে বিগত বাৰিষাত খহনীয়াৰ কবলত পৰি দুটাকৈ শ্ৰেণীকোঠা নদীৰ বুকুত জাহ গৈছিল । কিন্তু বিগত কেইদিনমান ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বেঁকী নদীৰ বাঢ়নি পানীয়ে কালৰূপ ধাৰণ কৰাত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয়ৰ আৰু এটা শ্ৰেণীকোঠা নৈৰ বুকুত জাহ যোৱাত মুঠ তিনিটা গৃহ সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন হৈছে (massive erosion in Kalgasia Barpeta) ।

Erosion in Kalgasia : খহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত খাৰবাল্লী প্ৰাথমিক বিদ্যালয়

সেয়ে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিচালনা সমিতিৰ নিৰ্দেশমৰ্মে বিদ্যালয় গৃহ ভাঙি নিৰাপদ স্থানলৈ লৈ যাবলৈ হাতে-কামে লাগিছে স্থানীয় ৰাইজ । নিশাটোৰ ভিতৰতে সম্পূৰ্ণ বিদ্যালয়খন নদীৰ বুকুত জাহ যোৱাৰ আশংকা কৰিছে ৰাইজে । বিদ্যালয় খোলা হৈছে যদিও পাঠদান কৰা অসম্ভৱ হৈ পৰিছে । ফলত অইন স্থানত অস্থায়ীভাৱে মুকলি আকাশৰ তলত আৰম্ভ কৰা হৈছে পাঠদান ।

আনফালে যন্ত্ৰচালিত নাৱেৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাত্ৰা অব্যাহত আছে (students dangerous journey by machine boat) । যাৰ ফলত কেতিয়াবা সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা । কিন্তু ইমানৰ পিছতো কাণসাৰ নাই জনপ্ৰতিনিধি কিম্বা বৰপেটা জিলা প্ৰশাসনৰ । ইফালে বিদ্যালয়খন নৈৰ বুকুত জাহ যোৱাৰ পিছতো স্থানীয় বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকে খবৰ ল'বলৈ আহৰি নোপোৱাত ক্ষোভিত হৈছে ৰাইজ ।

জনপ্ৰতিনিধিসকলে কেৱল নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰি বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ পিছত কোনো খবৰ নোলোৱাৰ অভিযোগ ৰাইজৰ । শীঘ্ৰেই খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে নিৰাপদ স্থানত এখন নতুনকৈ বিদ্যালয় স্থাপন কৰি ছাত্ৰ-ছাত্ৰীক লিখা-পঢ়াৰ সুবিধা কৰি দিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে (CM Himanta Biswa Sarma) । অন্যথা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ধ্বংসৰ পথলৈ গতি কৰিব । লগতে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণৰো দাবী জনাইছে ।

লগতে পঢ়ক :Deadbody found in Brahmaputra river: দুদিনৰ অন্তত বৰ লুইতৰ পৰা উদ্ধাৰ হ’ল শ্বাহৰুখৰ মৃতদেহ

Last Updated :Oct 14, 2022, 10:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.