ETV Bharat / state

বৰপেটাৰ কেওঁটকুছিত ৭ দিনীয়াকৈ লক্ষ্মী পূজা

author img

By

Published : Oct 7, 2022, 4:48 PM IST

Lakshmi Puja
বৰপেটাৰ কেওঁটকুছিত ৭ দিনীয়াকৈ লক্ষ্মী পূজা

প্ৰতিবছৰৰ দৰে এইবাৰো বৰপেটাৰ কেওঁটকুছিত লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে (Lakshmi Puja celebration in Barpeta)। বিভিন্ন ধৰণৰ প্ৰতিযোগিতাকে ধৰি প্ৰতিদিনে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন । উপহাৰ কুপন খেলৰো আয়োজন কৰা হৈছে ।

বৰপেটা, ৭ অক্টোবৰ : দেৱী দুৰ্গাৰ আৰাধনাৰ পাছতে এইবাৰ ৰাজ্যত আৰম্ভ হৈছে লক্ষ্মী পূজাৰ প্ৰস্তুতি (Lakshmi puja preparation in Barpeta)৷ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীক আদৰিবলৈ সাজু হৈছে ভক্তসকল । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ কেওঁটকুছি গাঁৱত ৮৬ সংখ্যক মহালক্ষ্মী পূজা মহোৎসৱ (86th Lakshmi Puja) আয়োজনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে ৷ লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি শুকুৰবাৰে কেওঁটকুছি মহালক্ষ্মী পূজা উদযাপন সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে ।

বৰপেটাৰ কেওঁটকুছিত ৭ দিনীয়াকৈ লক্ষ্মী পূজা

উদযাপন সমিতিয়ে জনোৱা মতে, ৯ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেওঁটকুছিত মহালক্ষ্মী পূজা অনুষ্ঠিত হ'ব ৷ মহালক্ষ্মী পূজা মহোৎসৱৰ সৈতে সংগতি ৰাখি প্রতিদিনে বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । বিশেষকৈ সামৰণিৰ দিনটোত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গীতৰ অনুষ্ঠান পৰিৱেশন কৰিব ৷

ইফালে মহালক্ষ্মী পূজাৰ লগত সংগতি ৰাখি এইবাৰো কেইবালাখ টকীয়া উপহাৰ কুপন খেলৰো আয়োজন কৰিছে উদ্যোক্তাই ৷

লগতে পঢ়ক :অসমীয়া জাতি জীয়াই থাকিলেহে আমাৰ সংস্কৃতি জীয়াই থাকিব : বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.