ETV Bharat / state

অসমীয়া জাতি জীয়াই থাকিলেহে আমাৰ সংস্কৃতি জীয়াই থাকিব : বিশ্বজিৎ দৈমাৰী

author img

By

Published : Oct 7, 2022, 1:39 PM IST

বৰপেটাৰ বৰবজাৰ যুৱক সংঘৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ (574th birth anniversary of Sankardev) ৷ বৃহস্পতিবাৰে আয়োজিত এই মহোৎসৱত অংশ লয় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠক, অসম সাহিত্য সভাৰ উপ সভাপতি মৃনালিনী দেৱী, প্ৰভাত চন্দ্ৰ দাস, উদ্ধৱ চন্দ্ৰ দাসে ৷

Biswajit Daimary in Barpeta
অসমীয়া জাতি জীয়াই থাকিলেহে আমাৰ সংস্কৃতি জীয়াই থাকিব : বিশ্বজিৎ দৈমাৰী

বৰপেটা, ৭ অক্টোবৰ : ‘‘অসম আৰু অসমীয়া জাতি জীয়াই থাকিব লাগিলে আমাৰ সংস্কৃতি জীয়াই থাকিব লাগিব ৷ সেয়ে অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা কৰা উচিত’’ ৷ বৃহস্পতিবাৰে বৰপেটাত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত অংশ লৈ এই মন্তব্য প্ৰদান কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Biswajit Daimary in Barpeta) ৷

উল্লেখ্য যে, বৰপেটাৰ বৰবজাৰ যুৱক সংঘৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ (Sankardev birth anniversary celebrated in Barpeta) ৷ এই মহোৎসৱৰ অংশ হিচাবে বৃহস্পতিবাৰে এক ধৰ্মালোচনা সভাত অংশ লয় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷

এই সভাতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে, গুৰুজনাই যি মাৰ্গ দৰ্শন কৰি থৈ গৈছে, সেয়া অটুট ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব লাগে ৷ লগতে আন আন দেশতো গুৰুজনাৰ বাণী প্ৰচাৰ কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে ৷

অসমীয়া জাতি জীয়াই থাকিলেহে আমাৰ সংস্কৃতি জীয়াই থাকিব : বিশ্বজিৎ দৈমাৰী

ইপিনে শৈক্ষিক পাঠ্যক্ৰমত গুৰুজনাৰ বিষয়ে প্ৰতিটো শ্ৰেণীতে পাঠ অন্তৰ্ভুক্তিৰো পোষকতা কৰে বিশ্বজিৎ দৈমাৰীয়ে ৷ বিশেষকৈ প্ৰাৰ্থমিক স্তৰৰ পৰাই শৈক্ষিক পাঠ্যক্ৰমত শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শন বিষয়ক পাঠ অন্তৰ্ভুক্তি কৰিব লাগে ৷ তেতিয়াহে ছাত্ৰ জীৱনৰ পৰাই গুৰুজনাৰ ধৰ্ম, শিক্ষা, আদৰ্শ আৰু কৰ্ম জীৱনৰ জ্ঞান অৰ্জনৰ লগতে ভৱিষ্যত প্ৰজন্মই নিজ জাতি, ভাষা, ধৰ্ম সংস্কৃতিৰ বিষয়ে জানিবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে ৷

আনহাতে, বৰ্তমানৰ ৰাজ্য চৰকাৰে সত্ৰসমূহৰ উন্নয়নৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ কথাও তেওঁ সদৰী কৰে ৷ লগতে বটদ্ৰৱা থান উন্নয়নৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ প্ৰজেক্ট’ৰ কথাও তেওঁ সদৰী কৰে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বৰপেটাত আয়োজিত এই সভাত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠক, অসম সাহিত্য সভাৰ উপ সভাপতি মৃনালিনী দেৱী, প্ৰভাত চন্দ্ৰ দাস, উদ্ধৱ চন্দ্ৰ দাসকে বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়়ক : Birth anniversary of Sankardev : ভক্তিৰসত বুৰ গৈছে নলবাৰী চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.