ETV Bharat / state

Birth anniversary of Sankardev : ভক্তিৰসত বুৰ গৈছে নলবাৰী চহৰ

author img

By

Published : Oct 7, 2022, 10:10 AM IST

Updated : Oct 7, 2022, 8:58 PM IST

Sankardev birth anniversary celebrated in Nalbari
ভক্তিৰসত বুৰ গৈছে প্ৰজ্ঞাৰ নগৰী নলবাৰী

ভক্তিৰসত বুৰ গৈছে প্ৰজ্ঞাৰ নগৰী নলবাৰী ৷ নলবাৰীৰ মৰোৱা শংকৰদেৱ ক্ষেত্ৰত ৫ অক্টোবৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Sankardev birth anniversary celebrated in Nalbari) ৷ এই অনুষ্ঠানৰ অংশ স্বৰূপে বৃহস্পতিবাৰে নিশা এক ধৰ্মালোচনী সভাৰ আয়োজন কৰা হয় ৷ এই সভাত উপস্থিত থাকে সত্ৰাধিকাৰ ড৹ পিতাম্বৰ গোস্বামী (Pitambar Deva Goswami in Nalbari), মন্ত্ৰী ৰণজিত দাস ৷

নলবাৰী, ৭ অক্টোবৰ : ভক্তি বন্দনাৰে মুখৰিত ৰাজ্যৰ সত্ৰ তথা নামঘৰসমূহ ৷ ৰাজ্যজুৰি উদযাপন কৰা হৈছে অসমৰ সমাজ, সাহিত্য, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা তথা নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী (574th birth anniversary of Sankardev) ৷ বাদ পৰি ৰোৱা নাই প্ৰজ্ঞাৰ নগৰী নলবাৰী চহৰো ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে নলবাৰীৰ মৰোৱা শংকৰদেৱ ক্ষেত্ৰত ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে এই বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠাত অগনন ভকত বৈষ্ণৱৰ সমাগম হোৱা পৰিলক্ষিত হয় (Sankardev birth anniversary celebrated in Nalbari) ৷

এই অনুষ্ঠানৰ অংশ স্বৰূপে বৃহস্পতিবাৰে নিশা এক ধৰ্মালোচনী সভাৰ আয়োজন কৰা হয় ৷

ভক্তিৰসত বুৰ গৈছে নলবাৰী চহৰ

এই সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মাজুলী আউনী আটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ গোস্বামী (Pitambar Deva Goswami in Nalbari) আৰু পঞ্চায়ত গ্ৰামোন্নয়ণ মন্ত্ৰী ৰণজিত দাস । বৃহস্পতিবাৰে আয়োজিত ৬৬ সংখ্যক ধৰ্মালোচনী সভাখনৰ সভাপতিত্ব কৰে ডাঃ মধুৰাম বৈশ্যই ৷

লগতে পঢ়ক : গুৰু বন্দনাৰে মুখৰিত কলিয়াবৰ

এই সভাত মুখ্য বক্তা হিচাবে উপস্থিত থাকি মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ গোস্বামীয়ে অসমীয়া সমাজলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান সম্পৰ্কে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায় । আনহাতে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক দীপক ব্ৰক্ষ্মই জগত গুৰুগৰাকীৰ আদৰ্শ আৰু সৃষ্টিৰাজিক অসমীয়া সমাজ তথা অসমবাসীক চিৰদিন জীয়াই ৰাখিবলৈ আহ্বান জনায় ।

লগতে এই সভাতে মন্ত্ৰী ৰণজিত কুমাৰ দাসে ভাষণ দিয়াৰ লগতে বিশিষ্ট শিক্ষাবিদ ড৹ ধীৰেন্দ্ৰ কুমাৰ মহন্তইও মহাপুৰুষগৰাকীৰ জীৱন আৰু আদৰ্শ সম্পৰ্কে বৰ্ণনা কৰে ।

লগতে পঢ়ক : বিজয়া দশমীৰ লগতে বুধবাৰে সমগ্ৰ ৰাজ্যতে শংকৰদেৱৰ জন্মজয়ন্তী উদযাপন

Last Updated :Oct 7, 2022, 8:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.