সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 10, 2022, 7:03 PM IST

TOP 10 @ 7 PM

সন্ধিয়াৰ 7 বজাৰ শীৰ্ষ সংবাদসমূহ চাও আহক...

মাতৃ-পিতৃ বন্দনা : ৭০ শতাংশ কৰ্মচাৰীয়ে কটালে বিশেষ ছুটী

পিতৃ-মাতৃ আৰু শহুৰ-শাহুৰ সৈতে আনন্দৰে সময় কটাই সোমবাৰৰে পৰা পুনৰ নিজা নিজা কৰ্মথলীলৈ উভতি আহিছে ৰাজ্য চৰকাৰৰ অধিকাংশ কৰ্মচাৰী । 'মাতৃ-পিতৃ বন্দনা' শীৰ্ষক ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই নতুন আঁচনিৰ সুবিধা আদায় কৰি যোৱা বৃহস্পতিবাৰেই ঘৰমুৱা হয় প্ৰায় ৭০ শতাংশ কৰ্মচাৰী (Matri Pitri vandana by Assam Goverment) ।

বিধানসভাত যি হ’ল হ’ল, পৌৰসভাৰ বাবে সাজু লুৰিণজ্যোতি গগৈ

আগন্তুক পৌৰসভাৰ নিৰ্বাচনলৈ টঙালি বান্ধিছে অসম জাতীয় পৰিষদে । নিৰ্বাচনৰ বাবে ইতিমধ্যে যাৱতীয় ৰণকৌশল প্ৰস্তুত কৰিছে দলটোৱে । এই কথা সদৰি কৰিছে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি লুৰিণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi on Municipal Board Election) । চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা সমষ্টিৰ খুমটাই চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত দেওবাৰে অসম জাতীয় পৰিষদj মাহমৰা সমিতিৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি নেতাগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য কৰে ।

Inter District Boxing Championship : বক্সাৰৰ ৰূপত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বৰপেটা জিলাত 9 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ অনুষ্ঠিত হৈছে আন্তঃজিলা জুনিয়ৰ বক্সিং চেম্পিয়নশ্বীপ (Inter district boxing championship) ৷ ৰাজ্যৰ জিলাসমূহৰ পৰা প্ৰতিযোগিতাখনলৈ সোঁত বৈছে বক্সিং খেলুৱৈৰ ৷ হাতত গ্ল’ভছ পৰিধান কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো দেখা গ’ল বক্সিং ৰিঙত ৷

Thengal Kachari Election : বিহপুৰীয়াত ভৱেশ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ

আসন্ন ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Autonomous Council Election) ক লৈ তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ ৷ সোমবাৰে ১৯ নং দক্ষিণ বিহপুৰীয়া সমষ্টিৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী কেশৰাম বৰাৰ হৈ প্ৰচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ ৰাজ্যিক সভাপতিগৰাকীয়ে পৰিষদখনৰ আটাইকেইটা সমষ্টিতে মিত্ৰজোটৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰে ৷

Caught On Camera : ময়ূৰভঞ্জত যাত্ৰীবাহী বাছত হাতীৰ আক্ৰমণ

ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ৰসগোবিন্দপুৰত বৃদ্ধি পাইছে বন্যহস্তীৰ তাণ্ডৱ ৷ দেওবাৰে এই অঞ্চলটোৰ এখন যাত্ৰীবাহী বাছত আক্ৰমণ কৰে (Elephant Pushes Bus In Mayurbhanj) এটা হাতীয়ে ৷ তাৰিণী নামৰ যাত্ৰীৰে পৰিপূৰ্ণ বাছখন বালাচোৰৰ ওলমাৰাৰ পৰা ৰসগোবিন্দপুৰলৈ আহি থকা অৱস্থাতে সংঘটিত হৈছিল এই ঘটনা ৷ সেই সময়ত প্ৰায় ২০-২৫ গৰাকী যাত্ৰী বাছখনত আছিল ৷

জখলাবন্ধা আৰক্ষীৰ তৎপৰতাত জব্দ চোৰাং পশুধন কঢ়িওৱা দুখনকৈ বাহন

ৰাজ্যত পশুধনৰ চোৰাং কাৰবাৰ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো তেনেই পুৰণি ৷ আৰক্ষীয়ে যিমানে ইয়াক নিৰ্মূল কৰাৰ বাবে চেষ্টা নকৰক কিয়, এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে সদায়ে সলনি কৰি আহিছে কাৰবাৰটোৰ কৌশল ৷ আৰক্ষীয়েও নতুন পন্থা অৱলম্বন কৰি সময়ে সময়ে জব্দ কৰিছে চোৰাংকৈ অনা পশুধনসমূহ ৷ শেহতীয়াকৈ জখলাবন্ধা আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এক অভিযান চলাইছিল 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ এই অভিযানত আৰক্ষীয়ে জব্দ কৰে 31 টাকৈ গো-ধন সৰবৰাহ কৰি অনা দুখন বাহন (police seize trucks carrying cattle at Jakhalabandha) ৷

Precautionary dose of covid 19 : শোণিতপুৰত আৰম্ভ কোভিড-১৯ৰ তৃতীয়টো সুৰক্ষা পালি

এতিয়াৰে পৰা ক'ভিড ভেকচিন নোলোৱা সকলক কৰ্মস্থলীত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা ন'হব ৷ লগতে প্ৰদান কৰা নহ'ব দৰমহাও ৷ সোমবাৰে যোৰহাটত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰি কৰে ৷ লগতে সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে ক'ভিডৰ তৃতীয় পালি দিয়াৰ ব্যৱস্থা (Assam approves 3rd Covid vaccine dose) ৷

ভেকচিন গ্ৰহণ নকৰা কৰ্মচাৰীয়ে লাভ নকৰে দৰমহা, থাকিব লাগিব ঘৰতে : স্বাস্থ্যমন্ত্ৰী

ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ (Assam Government to strict action against Non vaccinated Employees) নীতি চৰকাৰৰ ৷ প্ৰতিষেধক গ্ৰহণ নকৰা কৰ্মচাৰীসকলে আহিব নোৱাৰিব কাৰ্যালয়লৈ ৷ ঘৰতে বহি থকাৰ বিনিময়ত লাভ নকৰিব মাহেকৰ বেতন ৷

Police Encounter at chabua : চাবুৱাত আৰক্ষীৰ গুলীত আহত ডকাইত

সোমবাৰে পুৱতি নিশা ডিব্ৰুগড় জিলাৰ চাবুৱাত সংঘটিত হৈছে এক গুলীচালনাৰ (Police Encounter at chabua) ঘটনা ৷ চাবুৱাৰ এম এইচ তিনিআলিত থকা এটা এটিএমৰ ভিতৰত সংঘটিত এই ঘটনাত আহত হৈছে (Dacoit injured in police encounter at Chabua) এটা ডকাইত ৷

দুলিয়াজানৰ SP সন্মিলনৰ পাৰ্শ্বক্ৰিয়া : ইজনৰ পিছত সিজন শীৰ্ষ আৰক্ষী ক’ভিড প'জিটিভ

দুলীয়াজানৰ অসম আৰক্ষীৰ অধীক্ষকসকলৰ সন্মিলনত ভাগ লোৱাৰ পিছতেই এতিয়া ইজনৰ পিছত সিজনকৈ শীৰ্ষ আৰক্ষী বিষয়াৰ শৰীৰত ধৰা পৰিছে‌ ক'ভিড-19ৰ সংক্ৰমণ (Many top police officers have been affected in Covid) ৷ প্ৰাপ্ত খবৰ অনুসৰি, সেই বৈঠকত ভাগ লোৱা ছখন জিলাৰ আৰক্ষী অধীক্ষক, এগৰাকী অতিৰিক্ত সঞ্চালক প্ৰধান আৰু এগৰাকী উপ-মহাপৰিদৰ্শক এই পৰ্যন্ত ক'ভিড-19ত আক্ৰান্ত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.