Inter District Boxing Championship : বক্সাৰৰ ৰূপত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

author img

By

Published : Jan 10, 2022, 5:58 PM IST

Inter District Boxing Championship
বক্সাৰৰ ৰূপত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ()

বৰপেটা জিলাত 9 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ অনুষ্ঠিত হৈছে আন্তঃজিলা জুনিয়ৰ বক্সিং চেম্পিয়নশ্বীপ (Inter district boxing championship) ৷ ৰাজ্যৰ জিলাসমূহৰ পৰা প্ৰতিযোগিতাখনলৈ সোঁত বৈছে বক্সিং খেলুৱৈৰ ৷ হাতত গ্ল’ভছ পৰিধান কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো দেখা গ’ল বক্সিং ৰিঙত ৷

বৰপেটা, ১০ জানুৱাৰী : বৰপেটাত আৰম্ভ হৈছে ৰাজ্যিক ভিত্তিত বক্সিঙৰ মহাৰণ (Inter district boxing championship) ৷ বৰপেটা জিলা এমেছাৰ বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাখনত ভাগ লৈছে ৰাজ্যৰ প্ৰায়সমূহ জিলাৰ প্ৰতিনিধিয়ে ৷

বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত 9 জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাখন দেওবাৰে নিশা উদ্বোধন কৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ আন্তঃজিলা বক্সিং (জুনিয়ৰ) প্ৰতিযোগিতাখন উদ্বোধন কৰাৰ পিচতে হাতত গ্ল’ভছ পৰিধান কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো দেখা গ’ল বক্সিং ৰিঙত ৷

বক্সাৰৰ ৰূপত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

মন্ত্ৰীগৰাকীয়ে অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাইৰ প্ৰশিক্ষক পদুম বড়ো (Boxing coach Padum Bodo) ৰ সৈতে অংশগ্ৰহণ কৰে বক্সিং প্ৰতিযোগিতাত ৷ পদুম বড়োৰ সৈতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ এনে যুদ্ধংদেহি ৰূপ দৰ্শক আৰু আয়োজক সমিতিয়ে বাৰুকৈয়ে উপভোগ কৰে ৷

এনেধৰণৰ প্ৰতিযোগিতাৰ যোগেদি ৰাজ্যত ক্ৰীড়াৰ এক পৰিৱেশ গঢ় লৈ উঠিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: সাময়িকভাৱে স্থগিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.