জখলাবন্ধা আৰক্ষীৰ তৎপৰতাত জব্দ চোৰাং পশুধন কঢ়িওৱা দুখনকৈ বাহন

By

Published : Jan 10, 2022, 1:24 PM IST

thumbnail

ৰাজ্যত পশুধনৰ চোৰাং কাৰবাৰ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো তেনেই পুৰণি ৷ আৰক্ষীয়ে যিমানে ইয়াক নিৰ্মূল কৰাৰ বাবে চেষ্টা নকৰক কিয়, এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে সদায়ে সলনি কৰি আহিছে কাৰবাৰটোৰ কৌশল ৷ আৰক্ষীয়েও নতুন পন্থা অৱলম্বন কৰি সময়ে সময়ে জব্দ কৰিছে চোৰাংকৈ অনা পশুধনসমূহ ৷ শেহতীয়াকৈ জখলাবন্ধা আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এক অভিযান চলাইছিল 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ এই অভিযানত আৰক্ষীয়ে জব্দ কৰে 31 টাকৈ গো-ধন সৰবৰাহ কৰি অনা দুখন বাহন (police seize trucks carrying cattle at Jakhalabandha) ৷ ঘটনা সন্দৰ্ভত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে বাহনখনত অহা চাৰিজনকৈ লোকক ৷ AS 02 CC 2918 আৰু AS 01 JC 1763 নম্বৰৰ বাহন দুখনে শিৱসাগৰৰ গৌৰীসাগৰ আৰু নুমলীগড়ৰ বিহৰা বজাৰৰ পৰা গো-ধনসমূহ আনি আহি আছিল নগাঁৱৰ ৰূপহী অভিমুখে ৷ আটকাধীন ব্যক্তি চাৰিজন ক্ৰমে চিৰাজুল ইছলাম, আবু হানিফা, হেকিম আলী, ৰমজান আলী বুলি চিনাক্ত কৰে আৰক্ষীয়ে ৷ আটকাধীন ব্যক্তি চাৰিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে তিনিটাকৈ ম’বাইল, নগদ ধন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.