Thengal Kachari Election : বিহপুৰীয়াত ভৱেশ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Jan 10, 2022, 5:30 PM IST

Thengal Kachari Election
বিহপুৰীয়াত ভৱেশ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ ()

আসন্ন ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Autonomous Council Election) ক লৈ তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ ৷ সোমবাৰে ১৯ নং দক্ষিণ বিহপুৰীয়া সমষ্টিৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী কেশৰাম বৰাৰ হৈ প্ৰচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ ৰাজ্যিক সভাপতিগৰাকীয়ে পৰিষদখনৰ আটাইকেইটা সমষ্টিতে মিত্ৰজোটৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰে ৷

বিহপুৰীয়া, 10 জানুৱাৰী : ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Autonomous Council Election) ক লৈ পৰিষদীয় সমষ্টিসমূহত বিভিন্ন ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ৷ পৰিষদীয় সমষ্টি ১৯ নং দক্ষিণ বিহপুৰীয়া সমষ্টিত আন আন ৰাজনৈতিক দলসমূহৰ লগতে বিজেপি মিত্ৰজোঁটেও নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ।

সমষ্টিটোৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী কেশৰাম বৰাৰ হৈ প্ৰচাৰ চলাবলৈ সোমবাৰে সমষ্টিটোত উপস্থিত হ’ল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJP president Bhabesh Kalita At Bihpuria) । ঠেঙাল কছাৰীৰসকলৰ এক সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে নিৰ্বাচনী সভাত উপস্থিত জনতাক বিজেপিক ভোট প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে বৰ্তমানৰ চৰকাৰে হাতত লোৱা বিভিন্ন জন কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰে ।

বিহপুৰীয়াত ভৱেশ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী সভাখনত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰ বিধান সমষ্টিৰ বিধায়ক মানৱ ডেকা, লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা সহ বহুকেইগৰাকী ৰাজনৈতিক নেতাই অংশ লয় । ৰাজ্যিক সভাপতিগৰাকীয়ে পৰিষদখনৰ আটাইকেইটা সমষ্টিতে মিত্ৰজোটৰ সমৰ্থিত প্ৰাৰ্থীয়েই জয় হোৱাতো নিশ্চিত বুলি দাবী কৰে । ইয়াৰ পিছতে ৰাজ্যিক সভাপতি গৰাকীয়ে ১৬নং পূৱ ডিক্ৰং সমষ্টিৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী লেখন বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।

লগতে পঢ়ক: বিধানসভাত যি হ’ল হ’ল, পৌৰসভাৰ বাবে সাজু লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.