5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 21, 2021, 5:13 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Akhil Gogoi Opposes Assam Govt : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ ইতিহাসৰ সবাটোকৈ ঋণগ্ৰস্ত চৰকাৰ !

বিধানসভা চৌহদত বিধায়ক কাৰ্টুন অংকিত টি-ছ‍াৰ্ট পৰিধান কৰি চৰকাৰক সমলোচনা অখিল গগৈৰ (Akhil Gogoi criticizes Assam Government)। মুখ্যমন্ত্রীজন হেলিকাপ্টাৰত ঘূৰি ফুৰাৰ বাবে প্ৰয়োজন হোৱা টকা ঋণৰ পৰা আহিছে । সেই ঋণৰ বোজাত মৰিছে অসমৰ সাধাৰণ জনতা । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ছাৰ্বাকৰ দৰ্শন অনুকৰণ কৰিছে (Himanta Bswa Sarma follows philosophy of Charvaka) বুলি মন্তব্য বিধায়ক অখিল গগৈৰ ৷

Mamata Banerjee in Assam : মা কামাখ্যাৰ চৰণত আশিস ল’লে মমতা বেনাৰ্জীয়ে

মা কামাখ্যাৰ আশিস ল’বলৈ মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee visits Kamakhya Temple) অসমত উপস্থিত হয় ৷ কামাখ্যা মন্দিৰত আশীৰ্বাদ গ্ৰহণ কৰাৰ পিছতে সংবাদ মাধ্যমৰ ওচৰত কোনো মন্তব্য নিদিয়াকৈ পোনে পোনে কলকতালৈ ৰাওনা হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী (West Bangal CM Mamata Banarjee) ।

'না ঘৰ কা, না ঘাট কা'ৰ দৰে বিধায়ক শশীকান্ত দাসৰ অৱস্থা

‘বিধায়ক কিনা-বেচা বজাৰ বন্ধ কৰক' লিখা বেনাৰ লৈ প্ৰতিবাদত বহা ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাস(Raha Congress MLA Sashi Kanta Das)ৰ এখন ফটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে । অভিযোগ অনুসৰি, ৰহাৰ বিধায়কগৰাকী অৱশেষত নিজেই যেন বিক্ৰী গ’ল । বিধায়ক কিনা-বেচাৰ বিৰুদ্ধে এসময়ত সৰৱ হোৱা ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসৰ বিজেপি মোহৰ আঁৰত কি ৰহস্য আছে । বিৰোধীত থাকি কি দৰে চৰকাৰৰ সমৰ্থনত থাকিব পাৰে !

আৰক্ষীক আক্ৰমণৰ লগত জড়িত থকাৰ সন্দেহত তিনিজনক আটক

বৰপেটা ৰোড আৰক্ষীৰ ওপৰত হেলনাৰ পাম গাঁৱত সংঘটিত আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদমেল সম্বোধন কৰে ৷ এগৰাকী অভিযুক্তক বিচাৰি যোৱা আৰক্ষীৰ ওপৰত নিশা হেলনাৰ পাম গাঁৱৰ একাংশ লোকে চলাইছিল দলবদ্ধ আক্ৰমণ (Police team attacked by villagers) ৷

GP Singh on Animesh Bhuyan murder case : অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ বুজ ল'লে জি পি সিঙে

যোৰহাটত উপস্থিত হৈ আছু নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত বুজ ল'লে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে(GP Singh takes stock of Animesh murder probe) । তেওঁ কয় যে, অনিমেশ হত্যাকাণ্ডৰ অভিযোগনামা ২০২২ বৰ্ষৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে দাখিল কৰা হ'ব(Animesh Bhuyan murder case investigation) ।

সামৰণি পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ ভাওনা সমাৰোহ

সামৰণি পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ আধ্যাত্মিক আন্দোলনৰ অংশস্বৰূপ ভাওনা সমাৰোহ(Closing Ceremony of Bhaona Samaroh organized by AASU) ৷ সোমবাৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত আছুৰ বিষয়ববীয়াৰ লগতে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামীও উপস্থিত থাকে ৷

Cattle Smuggling: কলিয়াবৰত গৰুভৰ্তি বাহনসহ সৰবৰাহকাৰী আটক

গো সুৰক্ষাৰ বিধেয়কক ভেঙুচালি কৰি ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ মঙ্গলবাৰে বাগৰি আৰক্ষীয়ে চোৰাং ভাৱে সৰবৰাহ কৰা গৰুভৰ্তি বাহন জব্দ কৰা(Container filled with cattle seized in Kaliyabor)ৰ লগতে ৯ জন সৰবৰাহকাৰীক আটক কৰে ৷

Road accident in Karbi Anglong : কাৰ্বি আংলঙত নৈশ বাছ-ট্ৰাকৰ সংঘৰ্ষ

পথ দুৰ্ঘটনা নহয় যেনিবা চিনেমাৰ দৃশ্যহে ৷ পথৰ সমীপত ৰখাই থোৱা মালবাহী ট্ৰাকত খুন্দা আন এখন ট্ৰাকৰ ৷ তাৰপিছতে ট্ৰাকখনে খুন্দা মাৰিলে যাত্ৰীবাহী বাছত ৷ যাৰ ফলত সোমবাৰে কাৰ্বি আংলঙৰ বৰনেউৰীয়াত (Road accident in Karbi Anglong) সংঘটিত হয় পথ দুৰ্ঘটনা ৷

Nagaland creates three new districts : নাগালেণ্ডত নতুনকৈ গঠিত তিনি জিলা

নাগালেণ্ডত নতুনকৈ গঠিত তিনি জিলা (Nagaland creates three new districts) ৷ ৰাজ্যপাল জগদীশ মুখীয়ে কৰিছে এই ঘোষণা ৷

Fuel rates remain unchanged : মঙলবাৰে অপৰিৱৰ্তিত হৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য

ভাৰতৰ মুখ্য চহৰসমূহত মঙলবাৰে পূৰ্বৰ মূল্যতে বিক্ৰী হৈছে পেট্ৰ'ল-ডিজেল । তেল বিপণন কোম্পানীয়ে নিৰ্ধাৰণ কৰা নাই নতুন মূল্য । মঙলবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯৫.৪১ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৬.৬৭ টকা(Petrol and diesel prices in Delhi) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.