Road accident in Karbi Anglong : কাৰ্বি আংলঙত নৈশ বাছ-ট্ৰাকৰ সংঘৰ্ষ

author img

By

Published : Dec 21, 2021, 1:10 PM IST

ten-people-injured-in-a-road-accident-in-barneuria-karbi-anglong
পথ দুৰ্ঘটনা ()

পথ দুৰ্ঘটনা নহয় যেনিবা চিনেমাৰ দৃশ্যহে ৷ পথৰ সমীপত ৰখাই থোৱা মালবাহী ট্ৰাকত খুন্দা আন এখন ট্ৰাকৰ ৷ তাৰপিছতে ট্ৰাকখনে খুন্দা মাৰিলে যাত্ৰীবাহী বাছত ৷ যাৰ ফলত সোমবাৰে কাৰ্বি আংলঙৰ বৰনেউৰীয়াত (Road accident in Karbi Anglong) সংঘটিত হয় পথ দুৰ্ঘটনা ৷

ডিফু, 21 ডিচেম্বৰ : কাৰ্বি আংলঙৰ বৰনেউৰীয়াত পথ দুৰ্ঘটনা (Road accident in Karbi Anglong) ৷ সোমবাৰে নিশা বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ তথ্য অনুসৰি, ডিমাপুৰৰ পৰা মোককচাং অভিমুখী নৈশ বাছ আৰু দুখনকৈ মালবাহী ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় ৷

উল্লেখ্য যে, ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই সমীপত ৰখাই থোৱা NL 07 A 3635 নম্বৰৰ এখন মালবাহী ট্ৰাকত NL 06 A 2728 নম্বৰৰ মালবাহী ট্ৰাকে পিছফালৰ পৰা খুন্দিয়ায় ৷ তাৰপিছতে মালবাহী ট্ৰাকখনে ডিমাপুৰৰ পৰা মোককচাং অভিমুখে যোৱা NL 02 B 2979 নম্বৰৰ এখন ব্লু’ হিলছৰ বাছত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় ৷

এই দুৰ্ঘটনাৰ ফলত নৈশ বাছখনৰ চালককে ধৰি প্ৰায় 10 গৰাকী যাত্ৰী আহত হয় ৷ এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় বৰপথাৰ আৰক্ষী ৷ আৰক্ষীয়ে স্থানীয় ৰাইজৰ তৎপৰতাত আহত লোকসকলক উদ্ধাৰ কৰি বোকাজান অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আহতসকলৰ ভিতৰৰ 4 গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

লগতে চাওক: ATASU Protest in Jorhat : জনজাতিকৰণৰ দাবীত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.