ATASU Protest in Jorhat : জনজাতিকৰণৰ দাবীত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Dec 21, 2021, 7:21 AM IST

thumbnail

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যৰ প্ৰায় সংখ্যক দল-সংগঠনে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ পুনৰায় এবাৰ যোৰহাটৰ ৰাজপথত দেখা গ’ল তেনে এক পৰিৱেশ ৷ সোমবাৰৰ দিনটোত যোৰহাটত টাই আহোম ছাত্ৰ সন্থা(ATASU Protest in Jorhat) ই পুনৰ একে দাবী উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৰ কৰ্মীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি শাসকীয় দল বিজেপিয়ে টাই-আহোমকে ধৰি বহুকেইটা জনগোষ্ঠীক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ত (Protest in Jorhat DC Office) প্ৰতিবাদ সাব্যস্ত কৰা সংগঠনটোৱে একমাত্ৰ চৰকাৰৰ এলাগী মনোভাৱৰ বাবেই বৰ্তমান সময়ত বুৰঞ্জী প্ৰসিদ্ধ সমলসমূহৰ মৃতপ্ৰায় অৱস্থা হোৱা বুলি আক্ষেপেৰে প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.