আৰক্ষীক আক্ৰমণৰ লগত জড়িত থকাৰ সন্দেহত তিনিজনক আটক

By

Published : Dec 21, 2021, 4:57 PM IST

thumbnail
()

বৰপেটা ৰোড আৰক্ষীৰ ওপৰত হেলনাৰ পাম গাঁৱত সংঘটিত আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদমেল সম্বোধন কৰে ৷ এগৰাকী অভিযুক্তক বিচাৰি যোৱা আৰক্ষীৰ ওপৰত নিশা হেলনাৰ পাম গাঁৱৰ একাংশ লোকে চলাইছিল দলবদ্ধ আক্ৰমণ (Police team attacked by villagers) ৷ আক্ৰমণৰ সৈতে জড়িত থকাৰ সন্দেহত তিনিজন লোকক নিশাৰ ভাগতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে কামাল মীৰ, ৰাজিবুল আলী আৰু চানিদুল ইছলাম ৷ ইতিমধ্যে আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷ অভিযুক্তক বিচাৰি যোৱা অৱস্থাত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত হোৱা দলৱদ্ধ আক্ৰমণৰ ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.