ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 29, 2022, 10:55 AM IST

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Police seized heroin : আমিনগাঁৱত 1 কোটি টকাৰ হেৰ’ইন জব্দ

কামৰূপ আৰক্ষীৰ আন এক বৃহৎ সফলতা ৷ আমিনগাঁও আৰ্মী কেম্পৰ সমীপৰ বাছ ষ্টেণ্ডৰ পৰা জব্দ ১৫ পেকেট হেৰ'ইন (Police seized heroin) ৷ আৰক্ষীয়ে জনোৱা মতে হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা ৷

Firing at Samaguri: 1 কোটি টকাৰ হেৰ’ইনসহ ড্ৰাগছ ব্যৱসায়ীক আটক মৰিগাঁও আৰক্ষীৰ

শুকুৰবাৰে নিশা মৰিগাঁও আৰু নগাঁৱত মৰিগাঁও আৰক্ষীৰ অভিযান (Operation against Drugs) ৷ এণ্টি নাৰ্কটিক স্কোৱাদৰ দলে চলোৱা এই অভিযানত দুটা ড্ৰাগছ সহৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ 1 কোটি টকাৰ হেৰ’ইন ৷ এই অভিযানৰ সময়ত নগাঁৱৰ চামগুৰিত ড্ৰাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনাও (Firing at Samaguri) ৷

German tourist detained : ধৰ্মপ্ৰচাৰৰ অভিযোগত কাজিৰঙাত জাৰ্মান পৰ্যটকক আটক

হঠাৎ কাজিৰঙাৰ এটা ব্যক্তিগত পৰ্যটন নিবাসত চলিল আৰক্ষীৰ অভিযান (Police raid at tourist lodge in Kaziranga) ৷ এই অভিযানত সাতজনকৈ জাৰ্মান পৰ্যটকক আৰক্ষীয়ে জেৰা কৰি আছে ৷ অভিযোগ অনুসৰি, পৰ্যটকৰ দলটোৱে পৰ্যটনৰ ভিছাৰে আহি ধৰ্মপ্ৰচাৰৰ চলাইছিল ৷

Road accident at Raha : ৰহাত পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

শুকুৰবাৰে নিশা ৰহাৰ ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক (Man died in a road accident at Raha)৷ নিহত লোকজন ৰহাৰ দীঘলদৰিৰ ৰোহিনী নাথ বুলি জানিব পৰা গৈছে ৷

Advisor of PM Modi : তিনিদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা আইএএছ অমিত খাৰে শুকুৰবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হৈছে (PM Modi advisor visit Tripura) । বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ পিছত তেওঁ ৩০ অক্টোবৰত উভতি যাব ।

Cheques distribution: শিলচৰত মাইক্ৰফাইনেন্সৰ হিতাধিকাৰীৰ মাজত চেক বিতৰণ

সমগ্ৰ ৰাজ্যৰ লগতে কাছাৰ জিলাতো অসম চৰকাৰৰ বিত্ত বিভাগৰ দ্বিতীয় পৰ্যায়ৰ অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ ৰ অধীনত হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়(Assam Micro Finance Incentive and relief Scheme) ।

Murder at Jonia : পেট্ৰ’ল ঢালি পূৰ্বৰ পত্নীক জ্বলাই হত্যা

বৰপেটা জিলাৰ কলগাছিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Shocking incident at Kalgachia) ৷ 4 টা দিনে মৃত্যুৰ সৈতে যুঁজি অৱশেষত মৃত্যুক আকোঁৱালি ল’লে হাছিনা খাতুন নামৰ এগৰাকী মহিলাই ৷ অভিযোগ অনুসৰি, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শাঁওৰাচ’ৰাত পূৰ্বৰ পত্নীক পেট্ৰ’ল ঢালি জ্বলাই দিছিল জুৰান আলীৰ পুত্ৰ হাশেম আলীয়ে ৷ 23 অক্টোবৰত সংঘটিত এই লোমহৰ্ষক ঘটনাত শৰীৰৰ অধিক অংশই জ্বলি যোৱা হাছিনা খাতুনৰ অৱশেষত 27 অক্টোবৰত মৃত্যু ঘটে ৷

Miya Museum controversy: অসম তথা উত্তৰ পূৰ্বাঞ্চলক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ লক্ষ্য এচামৰ : জয়ন্ত মল্ল বৰুৱা

সম্প্ৰতি ৰাজ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা মিঞা মিউজিয়াম প্ৰসংগত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া(Minister Jayanta Malla Baruah reaction) ৷ শিলচৰ ভ্ৰমণৰ সময়ত মিঞা মিউজিয়াম প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

Vineet Bagaria suicide case: বিনীত বাগাৰীয়া আত্মহত্যা কাণ্ডৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ

সুদীৰ্ঘ চাৰি মাহৰ পিছত সন্ধান ওলাল ডিব্ৰুগড়ৰ পশুপ্ৰেমী যুৱক বিনীত বাগাৰীয়াৰ আত্মহত্যা ঘটনাৰ মূল অভিযুক্ত আজিজ খানৰ (Accused of Vineet Bagaria suicide case) । ৰাজ্য জোকাৰি যোৱা বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ দিনাৰে পৰা পলাতক হৈ থকা আজিজ খানে শুকুৰবাৰে ডিব্ৰুগড় সদৰ থানাত আত্মসমৰ্পণ কৰে (Aziz Khan Surrendered)।

MG Hazarika adverse comments: চাওতাল সকল মিঞাৰ বংশধৰ নহয়: ছাত্ৰ নেতা

মিঞা পৰিষদ অসমৰ প্ৰতিস্থাপক এম জি হাজৰিকাই মিঞা সম্প্ৰদায়ৰ ওপৰত মন্তব্য দিবলৈ গৈ আদিবাসী সকলক মিঞা সম্প্ৰদায়ৰ সৈতে একাকাৰ কৰাক লৈ জাঙোৰ খাই উঠিছে বাক্সা আৰু তামুলপুৰ জিলা চাওতাল ছাত্ৰ সন্থা(Student Union of Tamulpur slams MG Hazarika) । এম জি হাজৰিকাই চাওতাল সকলক মিঞাৰ বংশধৰ হিচাপে বক্তব্য প্ৰদান কৰাৰ ক্ষেত্ৰত ধিক্কাৰ জনাই ছাত্ৰ সংগঠনটোই(Students union reacted to MG Hazarika comments) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.