ETV Bharat / state

Miya Museum controversy: অসম তথা উত্তৰ পূৰ্বাঞ্চলক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ লক্ষ্য এচামৰ : জয়ন্ত মল্ল বৰুৱা

author img

By

Published : Oct 29, 2022, 7:34 AM IST

Etv BharatMiya Museum controversy
অসম তথা উত্তৰ পূৰ্বাঞ্চলক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ লক্ষ্য এচামৰ : জয়ন্ত মল্ল বৰুৱা

সম্প্ৰতি ৰাজ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা মিঞা মিউজিয়াম প্ৰসংগত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া(Minister Jayanta Malla Baruah reaction) ৷ শিলচৰ ভ্ৰমণৰ সময়ত মিঞা মিউজিয়াম প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

কৰিমগঞ্জ, 29 অক্টোবৰ : ‘‘অসমত এতিয়াও বদন আছে ৷ বদনে যেনেকৈ মান আনি অসমীয়া জাতি ধ্বংস কৰিব খোজিছে, তেনেকৈ বৰ্তমান একাংশই মিঞা মিফজিয়াম খুলি অসমীয়া জাতি ধ্বংস কৰাৰ সৰযন্ত্ৰ কৰিছে’’ ৷ শিলচৰ ভ্ৰমণৰ সময়তে মিঞা মিউজিয়াম প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰদান কৰে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah reaction) ৷

লগতে মিঞা মিউজিয়াম প্ৰসংগত তেওঁ আৰু কয় যে, অসম তথা উত্তৰ পূৰ্বাঞ্চলক এখন ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ লক্ষ্যৰে এচাম লোকে দীৰ্ঘদিনৰে পৰা চেষ্টা অব্যাহত ৰাখিছে (Miya Museum controversy) ৷ শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মিঞা মিউজিয়াম স্থাপনৰ লগত জড়িত দুজন সদস্য জেহাদীৰ লগতো সু-সম্পৰ্ক থকাৰ কথা (Miya museum Jihadi link) উনুকিয়াই দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

অসম তথা উত্তৰ পূৰ্বাঞ্চলক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ লক্ষ্য এচামৰ : জয়ন্ত মল্ল বৰুৱা

আনকি মিঞা মিউজিয়ামৰ সমৰ্থন কৰা সকলক অসমৰ কাৰণে একো একোজন বদন বুলি আখ্যা দিয়ে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : Miya museum Jihadi link : জেহাদীৰে যোগসূত্ৰ মিঞা মিউজিয়ামৰ !

উল্লেখ্য যে, মিঞা সংগ্ৰহালয়ক লৈ শাসক-বিৰোধী তথা ৰাজ্যৰ সচেতন লোকৰ মাজত বাক-বিতণ্ডা সৃষ্টি হৈ থকাৰ মাজতে 23 অক্টোবৰ তাৰিছে অনুষ্ঠিকভাৱে উদ্বোধন কৰা হয় এই মিঞা সংগ্ৰহালয়টো (Miya Museum inaugurated at Lakhipur) । অৱশ্যে কলাক্ষেত্ৰৰ পৰিৱৰ্তে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত স্থাপন কৰা হয় এই সংগ্ৰহালয়টো ৷

মিঞা সংগঠনৰ একাংশ লোকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল এই মিঞা সংগ্ৰহালয়টো ৷ এই সংগ্ৰহালয়টো মুকলি কৰাৰ পাচতে ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াকৰ ৷ ৰাজ্যনৈতিক মহলটো সৃষ্টি কৰিছিল মৃদু জোকাৰণিৰ ৷ অৱশ্য মিঞা মিউজিয়াম সন্দৰ্ভত বাক-বিতণ্ডা চলি থকাৰ মাজতে 25 অকক্টোবৰ তাৰিখে গোৱালপাৰা জিলা প্ৰশাসনৰ তৎপৰতাত লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে ছীল কৰে বিতৰ্কিত মিঞা মিউজিয়ামটো (Goalpara district administration seals newly inaugurated Miya Museum)।

বিতৰ্কিত মিঞা মিউজিয়ামটো ছীল কৰাৰ পাচতো বৰ্তমানো কি শাসক পক্ষ, কি বিৰোধী পক্ষ কিম্বা কি ৰাজ্যৰ সচেতন মহল- সকলোৰে মাজত এই মিঞা মিউজিয়ামৰ প্ৰসংগই স্থান পোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Miya Museum controversy : অৱশেষত ছীল হ’ল বহু চৰ্চিত মিঞা মিউজিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.