ETV Bharat / state

Miya Museum controversy : অৱশেষত ছীল হ’ল বহু চৰ্চিত মিঞা মিউজিয়াম

author img

By

Published : Oct 25, 2022, 4:34 PM IST

Updated : Oct 25, 2022, 5:08 PM IST

Miya Museum controversy
বহু চৰ্চিত মিঞা মিউজিয়ামত ওলমিল তলা

অৱশেষত গোৱালপাৰা জিলা প্ৰশাসনৰ তৎপৰতাত ছীল হ’ল বহু বিৰ্তকিত মিঞা মিউজিয়াম (Goalpara district administration seals newly inaugurated Miya Museum)। দেওবাৰে বিতৰ্কিত মিঞা মিউজিয়ামটো উদ্বোধনীৰ পিছৰ পৰাই ৰাজ্যজুৰি বিৰ্তকৰ আওতালৈ আহিছিল (Miya Museum controversy) ৷ এই বিতৰ্কৰ মাজতে মঙলবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহচক্ৰ বিষয়া ৰাজীৱ গগৈৰ উপস্থিতিত ছীল কৰা হয় মিউজিয়ামটো ।

গোৱালপাৰা, 25 অক্টোবৰ : অৱশেষত বহু চৰ্চিত মিঞা মিউজিয়ামত ওলমিল তলা । মঙলবাৰে গোৱালপাৰা জিলা প্ৰশাসনৰ তৎপৰতাত লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে ছীল কৰে বিতৰ্কিত মিঞা মিউজিয়ামটো (Goalpara district administration seals newly inaugurated Miya Museum)। বিচাৰ্যকৰ বিষয় যে, PMAY আঁচনিৰ চৰকাৰী গৃহত স্থাপন কৰা হৈছিল ছীল কৰা এই মিউজিয়ামটো ৷

অৱশেষত ছীল হ’ল বহু চৰ্চিত মিঞা মিউজিয়াম

উল্লেখ্য যে, মিঞা সংগ্ৰহালয়ক লৈ শাসক-বিৰোধী তথা ৰাজ্যৰ সচেতন লোকৰ মাজত বাক-বিতণ্ডা সৃষ্টি হৈ থকাৰ মাজতে দেওবাৰে অনুষ্ঠিকভাৱে উদ্বোধন কৰা হয় এই মিঞা সংগ্ৰহালয়টো (Miya Museum inaugurated at Lakhipur) । অৱশ্যে কলাক্ষেত্ৰৰ পৰিৱৰ্তে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত স্থাপন কৰা হয় এই সংগ্ৰহালয়টো (Assam CM reaction on Miya Museum)) ৷

মিঞা সংগঠনৰ একাংশ লোকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল এই মিঞা সংগ্ৰহালয়টো ৷

লগতে পঢ়ক : Miya Museum inaugurated : কলাক্ষেত্ৰত নহয় লক্ষীপুৰত উদ্বোধন হ’ল মিঞা সংগ্ৰহালয়

তথ্য অনুসৰি, মিঞা পৰিষদৰ গোৱালপাৰা জিলাৰ সমিতিৰ উদ্যোগত মিঞা সংগ্ৰহালয় উদ্বোধন কৰিছিল আহোম ৰয়েল চ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক ধাদু মিঞাই । উদ্বোধনী ভাষণ প্ৰদান কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলীয়ে । তাৰ পাচতে ৰাজ্যৰ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছিল এই মিঞা সংগ্ৰহালয়টোৱে ৷

আনকি এই সন্দৰ্ভত মঙলবাৰে বহু গুৰুত্বপূৰ্ণ মন্তব্যও প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reaction on Miya Museum) ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰিছিল যে, মিঞা মিউজিয়াম এটা গুৰুত্বপূৰ্ণ বিষয় । এনেবোৰ বিষয়ে জাতিটোৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰি আহিছে । ইয়াক সৰস আলোচনাৰ বিষয় কৰা উচিত নহয় । বুদ্ধিজীৱীসকলে এই সন্দৰ্ভত চিন্তা কৰা উচিত ।

লগতে তেওঁ কয়, ‘‘মিঞা মিউজিয়ামটো কি মই বুজি নাপালো । নাঙল অসমীয়া মানুহেও ব্যৱহাৰ কৰে । মাছ মৰা যি কেইটা সঁজুলি মিউজিয়ামটোত আছে সেই কেইটা অসমীয়াৰে । অসমীয়া অনুসূচিত জাতিৰ লোকসকলে অতীজৰে পৰাই এই সঁজুলিবোৰ ব্যৱহাৰ কৰি আহিছে । লুঙিখনৰ বাদে মিউজিয়ামটোত কি নতুনত্ব আছে ?’’

লগতে পঢ়ক : Miya Museum controversy : মিঞা মিউজিয়ামক লৈ সৰব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

Last Updated :Oct 25, 2022, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.