ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 16, 2022, 11:03 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

২৩ ছেপ্টেম্বৰৰ পৰা পুনৰ মুকলি হ'ব চিৰাঙৰ ভাৰত-ভূটান সীমান্ত

ক’ভিডৰ বাবে বন্ধ হৈ থকা ভূটান গেট ভাৰতীয়সকলৰ বাবে মুকলি কৰা হ’ব অহা ২৩ ছেপ্টেম্বৰত (Chirang Bhutan gate will open 23rd September) । সীমান্তবাসীৰ মাজত আনন্দ । সীমান্তৰ ব্যৱসায়-বাণিজ্যকে আদি কৰি স্তব্ধ হৈ পৰিছিল শ্ৰমজীৱীসকলৰ জনজীৱন ।

অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটাক

বৰ্তমান তামিলনাডুৰ শ্ৰীভিলিপুট্টুৰ মন্দিৰত থকা অসমৰ জয়মালা নামৰ হাতীটো তামিলনাডুতে থাকিব (No plans to send temple elephant Jayamala back to Assam) ৷ অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটা ৷ এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে তামিলনাডু চৰকাৰে ৷ আনকি বৃহস্পতিবাৰে এই সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত তামিলনাডু চৰকাৰে দাখিল কৰিছে এক প্ৰতিবেদনো ৷

গৃহমন্ত্ৰী শ্বাহ-মুখ্য়মন্ত্ৰী ড৹ শৰ্মাৰ উপস্থিতিত 8 বিদ্রোহী সংগঠনৰে শান্তি চুক্তি স্বাক্ষৰ

শান্তি চুক্তিয়ে অসমত শান্তি-সম্প্ৰীতিৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । পাঁচটা বিদ্ৰোহী সংগঠন আৰু তিনিটা ফৈদৰ মুঠ ১,১৮২ জন কেডাৰে অস্ত্ৰ-শস্ত্ৰ এৰি মূলসুঁতিলৈ উভতি আহিছে । বিদ্ৰোহী সংগঠনকেইটাই ১৫৬ টা অস্ত্ৰ, ৮৮৭ টা গুলী, ২১ টা গ্ৰেণেড আৰু ৭ টা আই ই ডি গৃহ মন্ত্ৰণালয়ক জমা দিয়ে । আজিৰ দিনটোক অসম তথা উত্তৰ-পূবৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হিচাবে অভিহিত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union home minister Amit Shah)।

নৱনিৰ্মিত অট্টালিকাৰ দেৱাল খহি 9 জনৰ মৃত্যু

লক্ষ্নৌত এক ভয়ানক অঘটন সংঘটিত হয় ৷ এটা নৱনিৰ্মিত অট্টালিকাৰ দেৱাল খহি 9 গৰাকী লোক থিতাতে নিহত হয় (Nine dead of under construction building collapsed)৷


ছয় জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতা নাই, আগ্ৰহ নাই: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই (Apurba Kumar Bhattacharjee reacts on ST) ।

CUET-UG ৰ ফলাফল ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ

কমন ইউনিভাৰ্চিটি এনট্ৰেঞ্চ টেষ্টৰ (Common University Entrance Test) ফলাফল ঘোষণা কৰা হ’ল (NTA declares CUET UG 2022 ) ৷ পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল অফিচিয়েল ৱেবছাইট cuet.samarth.ac.in ত চাব পাৰিব ৷

সোণাৰিত বলীউডৰ কায়দাৰে বিদ্যালয়লৈ গৈ থকাৰ ছাত্ৰক অপহৰণৰ চেষ্টা

সোণাৰিত বলীউডৰ কায়দাৰে বিদ্যালয়লৈ গৈ থকা এগৰাকী ছাত্ৰক অপহৰণৰ চেষ্টা চলোৱা ঘটনা পোহৰলৈ আহিছে (Student kidnapping case) ৷ বিদ্যালয়লৈ গৈ থকা এজন ছাত্ৰক চলাহী কথাৰে প্ৰলোভন দি বলপূৰ্বকভাৱে গাড়ীত লৈ যোৱাৰ চেষ্টা দুৰ্বৃত্তৰ (Student attempted to kidnapping at Sonari) ৷


জনজাতিকৰণ: টিংখাঙত চোঁচৰালে মোদীৰ জুমুঠি

আটাছু আৰু আছাৰ কৰ্মীসকলে ৰাজগড়ৰ ৰাজপথত চোঁচৰাই চোঁচৰাই দাহ কৰিলে প্ৰধানমন্ত্ৰী ‌নৰেন্দ্ৰ মোডীৰ জুমুঠি (ATASU And AASA protest in Tingkhang) ৷ অসমৰ ৬ টা জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব বুলি উল্লেখ কৰি অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠন কেইটাই ।

জনজাতিকৰণ নহ’ল: লোকসভা নিৰ্বাচনত প্ৰত্যাহ্বানৰ হুংকাৰ আটাছুৰ

জনজাতিকৰণৰ দাবীত উত্তাল হ'ল সোণাৰি । কিয়নো পুনৰ প্ৰতাৰিত হ'ল অসমৰ ছয় জনগোষ্ঠী (Six community of Assam)। কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত নাই অসমৰ নাম ।

এইবাৰ দুলীয়াজান OILৰ চিকিৎসালয়ত নিযুক্তি কেলেংকাৰী

অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী কোনো নতুন কথা নহয় ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক নিযুক্তিৰ কেলেংকাৰী ৷ দুলীয়াজান OILৰ চিকিৎসালয়ত নিযুক্তিত ব্যাপক স্বজন-তোষণৰ অভিযোগ উত্থাপিত হৈছে (Corruption in recruitment of Duliajan Oil India Hospital) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.