ETV Bharat / bharat

অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটাক

author img

By

Published : Sep 16, 2022, 8:08 AM IST

Updated : Sep 16, 2022, 1:03 PM IST

বৰ্তমান তামিলনাডুৰ শ্ৰীভিলিপুট্টুৰ মন্দিৰত থকা অসমৰ জয়মালা নামৰ হাতীটো তামিলনাডুতে থাকিব (No plans to send temple elephant Jayamala back to Assam) ৷ অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটা ৷ এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে তামিলনাডু চৰকাৰে ৷ আনকি বৃহস্পতিবাৰে এই সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত তামিলনাডু চৰকাৰে দাখিল কৰিছে এক প্ৰতিবেদনো ৷

No plans to send temple elephant Jayamala back to Assam
অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিন্বা অন্য হাতীকেইটাক

নেশ্যনেল ডেস্ক, 16 ছেপ্টেম্বৰ : চৰ্চাত আকৌ জয়মালা(Assam elephant Joymala) ৷ বৰ্তমান তামিলনাডুৰ শ্ৰীভিলিপুট্টুৰ মন্দিৰত থকা অসমৰ জয়মালা নামৰ হাতীটোক লৈ সমগ্ৰ দেশতে এক খলকনিৰ সৃষ্টি হৈছিল ৷ জয়মালাক অসমৰ ঘূৰাই অনা-ননাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছিল বিভিন্ন প্ৰতিক্ৰিয়াৰ ৷

জয়মালা নামৰ হাতীটোৰ সন্দৰ্ভত বৃহস্পতিবাৰে তামিলনাডু চৰকাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক দাখিল কৰিছে এক প্ৰতিবেদন (TN government tells Madras High Court) ৷ সেই অনুসৰি, তামিলনাডু চৰকাৰে অসমক জয়মালা ঘূৰাই নিদিয়ে বুলি নিজৰ স্থিতি স্পষ্ট কৰিছে ৷ লগতে অসমক জয়মালা ঘূৰাই নিদিয়াৰ কোনো পৰিকল্পনা নাই বুলিও একপ্ৰকাৰে সদৰী কৰিছে ৷

মাদ্ৰাজ উচ্চ ন্যায়ালয়ক কাৰ্যকৰী মুখ্য ন্যায়াধীশ এম দুৰাই স্বামী আৰু ন্যায়াধীশ সুন্দৰ মোহনৰ বিচাৰপীঠে অতিৰিক্ত অধিবক্তা জেনেৰেল জে ৰবীন্দ্ৰনে দাখিল কৰা প্ৰতিবেদন অনুসৰি, অসমক জয়মালাক ঘূৰাই দিয়াৰ কোনো পৰিকল্পনা নাই ৷

লগতে পঢ়ক : সুদা হাতে তামিলনাডুৰ পৰা উভতিল অসম চৰকাৰৰ উচ্চস্তৰীয় দল

উল্লেখ্য যে, চলিত বৰ্ষৰ 26 আগষ্টত পিপল ফ’ৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াৰ এটা দলে মন্দিৰ চৌহদত জয়মালাক অত্যাচাৰ কৰা এটা ভিডিঅ’ মুকলি কৰিছিল । পেটা এই ভিডিঅ’ৰ পিছত অসম চৰকাৰে হাতীটোৰ অৱস্থা পৰীক্ষা কৰাৰ লগতে হাতীটো অসমলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰে চাৰিজনীয়া এটা বিশেষ দল তামিলনাডুলৈ প্ৰেৰণ কৰিছিল (Team from Assam to visit Joymala) ।

এই বিষয়টোৰ সন্দৰ্ভত বৃহস্পতিবাৰে জৰুৰী শুনানিৰ বাবে উচ্চ ন্যায়ালয়ৰ সন্মুখত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন উল্লেখ কৰা হৈছিল । এই আবেদন অনুসৰি, তামিলনাডু চৰকাৰৰ মন্দিৰত হাতীৰ বাবে কিছু নিৰ্দিষ্ট নিয়ম আছে । এই নিয়ম অনুসৰি মন্দিৰত থকা জন্তুবোৰৰ যত্ন লোৱাৰ প্ৰয়োজন ৷ লগতে মন্দিৰত থকা জীৱ-জন্তুসমূহৰ সংশ্লিষ্ট মন্দিৰৰ তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত ভালদৰে ৰাখিব লাগে ।

আনকি উক্ত মন্দিৰসমূহত বিশেষকৈ হাতীবোৰ খুব ভালদৰে যত্ন লোৱা হয় বুলি উচ্চ ন্যায়ালয়ত দাখিল কৰে তামিলনাডু চৰকাৰে (Health condition of Joymala elephant) ৷ সেয়ে অসমৰ পৰা অনা জয়মালা আৰু আন হাতীবোৰে তামিলনাডুত থাকিব, অসম ঘূৰাই দিয়া নহ’ব বুলি উল্লেখ উচ্চ ন্যায়ালয়ক দাখিল কৰে চৰকাৰে ।

লগতে পঢ়ক : জয়মালা সন্দৰ্ভত কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ টুইট

Last Updated :Sep 16, 2022, 1:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.