জয়মালা সন্দৰ্ভত কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ টুইট

author img

By

Published : Sep 15, 2022, 7:33 PM IST

জয়মালাৰ সন্দৰ্ভত কেন্দ্ৰীয় বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ টুইট
জয়মালাৰ সন্দৰ্ভত কেন্দ্ৰীয় বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ টুইট ()

বলৱান-স্বাস্থ্যৱান হৈ আছে জয়মালা (Assam elephant Joymala)। জয়মালাক লৈ অসম আৰু তামিলনাডু চৰকাৰৰ মাজত সৃষ্টি হোৱা সংঘাতৰ অৱসান ঘটাবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে উদ্যোগ । জয়মালা এতিয়া সকলো প্ৰকাৰে সুস্থ আৰু সবল । এই কথা জনাইছে কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে (Ministry of Environment Forest and Climate Change)।

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: তামিলনাডুত থকা অসমৰ জয়মালা বলৱান, স্বাস্থ্যৱান আৰু উদ্যমী হৈ আছে । টুইটযোগে এই কথা জনাইছে কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে (Ministry of Environment Forest and Climate Change)। জয়মালাক লৈ অসম আৰু তামিলনাডু চৰকাৰৰ মাজত সৃষ্টি হোৱা সংঘাতৰ অৱসান ঘটাবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ ।

কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে টুইটযোগে ঘোষণা কৰি জনাইছে যে জয়মালা বলৱান, স্বাস্থ্যৱান আৰু উদ্যমী হৈ আছে (Health condition of Joymala elephant)। বৰ্তমান হাতীজনীক চোৱাচিতা কৰি থকা দলটোৱে তাইক ভালকৈয়ে যত্ন লৈ আছে । জয়মালা এতিয়া সকলো প্ৰকাৰে সুস্থ আৰু সবল ।

উল্লেখ্য যে জয়মালাক ঘূৰাই আনিবলৈ অসম চৰকাৰে চাৰিজনীয়া এটা দল তামিলনাডুলৈ প্ৰেৰণ কৰিছিল যদিও অসমৰ দলটোৱে জয়মালাক সাক্ষাৎ কৰাৰ অনুমতি লাভ নকৰিলে (Team from Assam to visit Joymala)। আন্তৰ্জাতিকভাৱে প্ৰশংসিত হাতী চিকিৎসক পদ্মশ্ৰী কুশল কোঁৱৰ শৰ্মাকে(Elephant doctor Kushal Konwar Sarma) ধৰি বিশেষজ্ঞৰ এটা দলে তামিলনাডুৰ মন্দিৰৰ পৰা জয়মালা আৰু অসমৰ আন আঠটা হাতীক ঘূৰাই আনিবলৈ চেন্নাইলৈ গৈছিল । অসমৰ দলটোক জয়মালা আৰু আন হাতীবোৰ পৰীক্ষা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল । আনকি চাবলৈকো দিয়‍া হোৱা নাছিল হাতীকেইটাক ।

তামিলনাডুৰ এটা মন্দিৰত থকা জয়মালাক অসমলৈ ঘূৰাই আনিবলৈ এতিয়া আইনৰ কাষ চাপিছে অসম চৰকাৰ । তামিলনাডুৰ বিষ্ণু মন্দিৰত থকা জয়মালা নামৰ অসমৰ হাতীটোক ঘূৰাই আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে অসম চৰকাৰে । ন্যায়ালয়ৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিছে জয়মালাৰ ভৱিষ্যৎ ।

লগতে পঢ়ক: আজিও সংৰক্ষিত গুৰু দুজনাৰ স্মৃতি বিজড়িত অমূল্য সম্পদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.