বহিঃৰাজ্যত জয়মালাৰ চিৎকাৰৰ পাছতে পোহৰলৈ আহিছে বহু তথ্য

author img

By

Published : Aug 30, 2022, 8:06 PM IST

Elephant jaymala brutally tortured in Tamilnadu

তামিলনাডুত মাউতৰ নিৰ্মম অত্যাচাৰৰ বলি হৈ চিৎকাৰ কৰি আছে অসমৰ জয়মালা নামৰ এটা হাতীয়ে (Elephant Jaymala brutally tortured in Tamilnadu)৷ হাতীটোক ঘূৰাই অনাৰ বাবে দাবী জনাইছে অসমৰ প্ৰকৃতিপ্ৰেমীয়ে ৷ ইয়াৰ মাজতে এক আৰ টি আই তথ্যই উদঙাইছে অসমৰ পৰা বহিঃৰাজ্যলৈ বিভিন্ন সময়ত অনিয়নমৰ মাজেৰে হাতী ৰপ্তানিৰ তথ্য ৷

তেজপুৰ, ৩০ আগষ্ট: অসমৰ পৰা নিয়া জয়মালা নামৰ যোৰহাটৰ এটা হাতীক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সৰৱ হৈছে প্ৰকৃতিপ্ৰেমী (Elephant Jaymala brutally tortured in Tamilnadu)৷ ২০০৮ চনত অসমৰ পৰা বহিঃৰাজ্যলৈ বিভিন্ন কাৰণত প্ৰায় আঠ শৰো অধিক ঘৰচীয়া হাতী কিছুদিনৰ বাবে প্ৰেৰণ কৰাৰ পাছত সেই হাতীসমূহ আজিও অসমলৈ ঘূৰাই আনিব পৰা নাই । এই মন্তব্য আৰ টি আই কৰ্মী তথা প্ৰকৃতিপ্ৰেমী দিলীপ নাথৰ ।

বহিঃৰাজ্যত জয়মালাৰ চিৎকাৰৰ পাছতে পোহৰলৈ আহিছে বহু তথ্য
বহিঃৰাজ্যত জয়মালাৰ চিৎকাৰৰ পাছতে পোহৰলৈ আহিছে বহু তথ্য

ইয়াৰোপৰি যোৱা এটা মাহৰ ভিতৰত অসমৰ পৰা পুনৰ ১৮ টা হাতী শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি হৈ বহিঃৰাজ্য লৈ প্ৰেৰণ কৰাৰ তথ্য দাঙি ধৰিছে প্ৰকৃতিপ্ৰেমীগৰাকীয়ে (Elephant export from Assam)। এই ১৮ টা হাতী একমাত্ৰ গুজৰাটলৈ নিয়া বুলি কাগজ-পত্ৰত উল্লেখ থকা বুলি কয় নাথে । হাতীসমূহ দক্ষিণ ভাৰতৰ বিভিন্ন ঠাইৰ উপৰিও গুজৰাটৰ বিভিন্ন মন্দিৰৰ কামত নিয়া বুলি জানিবলৈ দিয়ে নাথে ।

অসমৰ বাহিৰলৈ নিয়া হাতীসমূৰ ভিতৰত জয়মালা নামৰ হাতীটোক তিনি মাহৰ বাবে তামিলনাডুলৈ নি আজি ১৩-১৪ বছৰে ঘূৰাই নিদিয়াত তেজপুৰৰ বিভিন্ন বন্যপ্ৰেমী ক্ষুব্ধ হৈ পৰিছে । জয়মালা নামৰ হাতীটো তামিলনাডুৰ এখন ঠাইত ভৰিত বান্ধি ৰডৰে মৰিয়াই থকা এটা ভিডিঅ’ PETAINDIA ত প্ৰকাশ পোৱাৰ পাছত চিনাক্তকৰণ কৰা হয় (Assam elephant tortured in Tamilnadu)৷ এই বিষয়ে PETA Indiaই তামিলনাডুৰ মুখ্য বন সংৰক্ষণ বিষয়াক বন্যপ্ৰাণী আইনৰ অধীনত অতি সোনকালে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছিল ৷

বহিঃৰাজ্যত জয়মালাৰ চিৎকাৰৰ পাছতে পোহৰলৈ আহিছে বহু তথ্য
বহিঃৰাজ্যত জয়মালাৰ চিৎকাৰৰ পাছতে পোহৰলৈ আহিছে বহু তথ্য

বন্যপ্ৰাণী আইন-1972 অনুসৰি মাউতগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 51 ধাৰা আৰু মন্দিৰটোৰ বিৰুদ্ধে 48 ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই হাতীটো মুকলি কৰি দিয়াৰ আহ্বান জনাইছিল । আনহাতে জয়মালা নামৰ হাতীটোক অসমলৈ ঘূৰাই আনিবৰ বাবে তেজপুৰৰ এগৰাকী মহিলাই ৫০ হাজাৰ টকাও আগবঢ়ায় ৷ এই হাতীসমূহ অসমৰ পৰা নিয়াৰ পাছত বহিঃৰাজ্যত বহু নিৰ্যাতন কৰা বুলি অভিযোগ উত্থাপন কৰে দিলীপ নাথে ৷

বহিঃৰাজ্যত জয়মালাৰ চিৎকাৰৰ পাছতে পোহৰলৈ আহিছে বহু তথ্য
বহিঃৰাজ্যত জয়মালাৰ চিৎকাৰৰ পাছতে পোহৰলৈ আহিছে বহু তথ্য

আনহাতে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাইও জয়মালাক ঘূৰাই অনাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাব বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে হাতীসমূহ গোপনে মালিকৰ পৰা 2.5 লাখ টকাৰ বিনিময়ত ক্ৰয় কৰি নিয়ে নিয়ে যদিও নথি-পত্ৰত তিনি মাহ অথবা চাৰি মাহৰ বাবে বিশেষ কামত নিয়া বুলি উল্লেখ কৰে ৷ ২০০৮ চন মানতেই অসমৰ পৰা ৮০০ হাতী বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ভাৰতৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা বুলি জানিবলৈ দিয়ে আৰটি আই কৰ্মী দিলীপ নাথে ।

উল্লেখ্য যে, যোৰহাটৰ মৰিয়নীৰ মোহন চন্দ্ৰ চুতীয়াৰ নামত থকা জয়মালা(Assam elephant Jaymala) নামৰ হাতীটো মৰিয়নী বন সংমণ্ডলৰ(Mariani forest range office) অধীনত 961001000004333 নম্বৰত পঞ্জীয়ন কৰা আছে ৷ হাতীটো 2008 চনত বিহাৰৰ গৌতম বুদ্ধ নগৰৰ কানহায়া সিঙে লৈ যোৱাৰ নথি লাভ কৰা গৈছে মুখ্য বন সংৰক্ষণ বিষয়া কাৰ্যালয়ৰ পৰা । প্ৰকৃততে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হাতীসমূহ পশ্চিম বংগ আৰু বিহাৰলৈ ৰপ্তানিৰ প্ৰমাণপত্ৰ কেৱল শ্ৰীৰামপুৰ তালাচী চকীৰ বাবেহে দিয়া হয় ৷ শ্ৰীৰামপুৰ পাৰ হোৱাৰ পাছত কোনোধৰণৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নহয় (Elephant exportation from Assam)।

ইতিমধ্যে অসমৰ মুখ্য বন সংৰক্ষক বিষয়া এম কে যাদৱে ইটিভি ভাৰতক জানিবলৈ দিয়ে যে জয়মালা নামৰ হাতীটোৰ সন্দৰ্ভত তামিলনাডুৰ বন সংৰক্ষক বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰা হৈছে যদিও তেওঁলোকে হাতীটো ঘূৰাই পঠিয়াবলৈ সন্মত নহয় বুলি জানিব পৰা গৈছে ৷ তৎসত্ত্বেও বন বিভাগে বিষয়টো গভীৰভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু তামিলনাডুৰ চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে ৷

লগতে পঢ়ক: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰম্ভ হ'ল অস্থি মজ্জা সংৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.