ছয় জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতা নাই, আগ্ৰহ নাই: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

By

Published : Sep 15, 2022, 8:04 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই (Apurba Kumar Bhattacharjee reacts on ST) । বৃহস্পতিবাৰে গুৱাহাটীত ৰাজীৱ ভৱনত ই টি ভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ২০১৪ চনৰ পৰা অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ ক্ষেত্ৰত কেন্দ্ৰই ভোটৰ ৰাজনীতি কৰি আহিছে । অসমতো বিজেপি চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত ভোটৰ ৰাজনীতি কৰি আহিছে বুলি মন্তব্য কৰে ৷ তদানীতন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ১০০ দিনৰ ভিতৰত ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । আকৌ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছমাহত ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু পিছত সকলো ফুটকাৰ ফেনত পৰিণত হ’ল বুলিও সদৰি কৰে সাধাৰণ সম্পাদকগৰাকীয়ে । অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে নিকৃষ্ট ৰাজনীতি কৰা বুলি সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই অভিযোগ কৰি কয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কাৰো এই ছয় জনগোষ্ঠীৰ প্ৰতি দায়ৱদ্ধতা নাই, আগ্ৰহ নাই ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.