সোণাৰিত বলীউডৰ কায়দাৰে বিদ্যালয়লৈ গৈ থকাৰ ছাত্ৰক অপহৰণৰ চেষ্টা

author img

By

Published : Sep 16, 2022, 7:18 AM IST

student  attempted kidnapping at Sonari

সোণাৰিত বলীউডৰ কায়দাৰে বিদ্যালয়লৈ গৈ থকা এগৰাকী ছাত্ৰক অপহৰণৰ চেষ্টা চলোৱা ঘটনা পোহৰলৈ আহিছে (Student kidnapping case) ৷ বিদ্যালয়লৈ গৈ থকা এজন ছাত্ৰক চলাহী কথাৰে প্ৰলোভন দি বলপূৰ্বকভাৱে গাড়ীত লৈ যোৱাৰ চেষ্টা দুৰ্বৃত্তৰ (Student attempted to kidnapping at Sonari) ৷

মৰাণ, 16 ছেপ্টেম্বৰ: ৰাজ্যজুৰি সোপাধৰাৰ ওলোৱাৰ ভিন্ন বাতৰি প্ৰকাশ হৈ থকাৰ মাজতে সোণাৰিত এক অঘটন সংঘটিত হৈছে ৷ সোণাৰিত দিন দুপৰতে বলীউডৰ কায়দাৰে বিদ্যালয়লৈ গৈ থকা এগৰাকী ছাত্ৰক অপহৰণৰ চেষ্টা চলোৱা ঘটনা পোহৰলৈ আহিছে (Student kidnapping case) ৷

ঘটনা অনুসৰি বুধবাৰে পুৱা সোণাৰি জাতীয় বিদ্যালয়ত পঢ়ি থকা এজন ছাত্ৰই প্ৰতিদিনৰ দৰে বিদ্যালয়লৈ গৈ থকা পথত এখন গাড়ীয়ে পিছা কৰে (student attempted to kidnapping at Sonari) ৷ ছাত্ৰজনে খোজৰ লগত মিলাই ক্ৰমাৎ আগবাঢ়িছিল গাড়ীখন (student attempted to kidnapping) ৷

অৱশেষত গাড়ীখনৰ পৰা এজন লোক ওলাই নিজেই মাত দিয়ে ছাত্ৰজনক ৷ ছাত্ৰজনে তেওঁৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত বিদ্যালয়লৈ যাঁও বুলি কোৱাত লোকজনে ছাত্ৰগৰাকীক পুনৰ কোন বিদ্যালয়লৈ যাব বুলি প্ৰশ্ন কৰে ৷ ছাত্ৰজনে বিদ্যালয়ৰ নাম কোৱাৰ পিছতেই লোকজনে ছাত্ৰজনক গাড়ীখনত উঠিবলৈ কৈ বিদ্যালয়লৈ থৈ আহিম বুলি প্ৰলোভন দিয়ে ৷ ছাত্ৰজনে এই প্ৰলোভনত পতিয়ন গৈ গাড়ীখনত উঠিবলৈ মান্তি হয় আৰু গাড়ীখনত উঠে ৷

লগে লগে ছাত্ৰজনে নিজৰ আশেপাশে চোৱাত গাড়ীৰ ভিতৰত ছুৰী, লোককেইজনৰ হাতত গ্লভ’ছ পৰিলক্ষিত কৰাত সন্দেহ উপজে ৷ লগে লগে ছাত্ৰজনে গাড়ীখনৰ পৰা নামিবলৈ খোজোতেই অপহৰণকাৰীৰ দলটোৰ এজনে ছাত্ৰজনক হাতত ধৰি টনা আজোৰা কৰে ৷

সোণাৰিত বিদ্যালয়লৈ গৈ থকাৰ ছাত্ৰক অপহৰণৰ প্ৰচেষ্টা

সৌভাগ্যক্ৰমে সেই ঠাইৰে এজন লোকে চাইকেল লৈ আহি থকা অপহৰণকাৰীৰ দলটোৱে এৰি দিয়ে ছাত্ৰজনক ৷ ছাত্ৰজনে যেনেতেনে নিজকে অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা কৰি বিদ্যালয়ত সুশৰীৰে উপস্থিত হয় ৷

পৰৱৰ্তী সময়ত ছাত্ৰজনে এই সমগ্ৰ ঘটনাটোৰ বিষয়ে নিজৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকক অৱগত কৰে ৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত ছাত্ৰজনৰ পিতৃয়ে এখন এজাহাৰ দাখিল কৰিছে (FIR against attempted to student kidnapping) ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অপহৰণকাৰীক বিচাৰি তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

বৃহস্পতিবাৰে এই শিহৰণকাৰী ঘটনা নিজেই বিৱৰণ দিয়ে ছাত্ৰজনে ৷ এই ঘটনাৰ পিছতেই চৰাইদেউ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: বিপুল চৌধুৰীক আদালতত হাজিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.