ETV Bharat / bharat

নৱনিৰ্মিত অট্টালিকাৰ দেৱাল খহি 9 জনৰ মৃত্যু

author img

By

Published : Sep 16, 2022, 9:37 AM IST

Updated : Sep 16, 2022, 12:38 PM IST

লক্ষ্নৌত এক ভয়ানক অঘটন সংঘটিত হয় ৷ এটা নৱনিৰ্মিত অট্টালিকাৰ দেৱাল খহি 9 গৰাকী লোক থিতাতে নিহত হয় (Nine dead of under construction building collapsed)৷

9-died-due-to-collapse-of-under-construction-wall-in-lucknow
নৱনিৰ্মিত অট্টালিকাৰ দেৱাল খহি 9 জনৰ মৃত্যু

নেশ্যনেল ডেস্ক, 16 ছেপ্টেম্বৰ: লক্ষ্নৌত শুকুৰবাৰে পুৱা এক ভয়ানক অঘটন সংঘটিত হয় ৷ এটা নৱনিৰ্মিত অট্টালিকাৰ দেৱাল খহি 9 গৰাকী লোক থিতাতে নিহত হয় (Nine dead of under construction building collapsed)৷

লক্ষ্নৌৰ কেণ্ট অঞ্চলৰ দিলকুছাৰ ওচৰত এটা নিৰ্মাণৰত দেৱাল হঠাতে খহি পৰাত হুৱা-দুৱাৰ সৃষ্টি হয় ৷ ধ্বংসস্তুপৰ তলত আৱদ্ধ হৈ কেইবাজনো লোক আহত হোৱাৰ লগতে 9 গৰাকী লোক থিতাতে নিহত হয় (Nine dead in Lucknow)৷

এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই পুৱা প্ৰায় ৩ বজাত ঘটনাস্থলীত আৰক্ষীসহ এন ডি আৰ এফৰ দল উপস্থিত হয় ৷ আৰক্ষী, এন ডি আৰ এফে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ ইতিমধ্যে এন ডি আৰ এফৰ দলে ধ্বংসস্তুপৰ পৰা 1 জনক জীৱন্তে উদ্ধাৰ কৰাৰ লগতে 9 জন লোকৰ মৃতদেহ উদ্ধৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে জনোৱা অনুসৰি কিছুমান দিলকুছা অঞ্চলৰ নৱনিৰ্মিত অট্টালিকাটোৰ কাষৰতে থকা এটা জুপুৰিত বাস কৰিছিল ৷ কিন্তু নিশা ধাৰাসাৰ বৰষুণৰ ফলত অট্টালিকাটোৰ দেৱাল ভাগি পৰাত খহি পৰাত এই ভয়ংকৰ ঘটনা সংঘটিত হয় ৷

এই দুৰ্ঘটনাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে(Uttar Pradesh Chief Minister Yogi Adityanath) শোক প্ৰকাশ কৰে ৷ তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিকটাত্মীয়লৈ 4 লাখ টকাকৈ সাহায্যৰ প্ৰদান ঘোষণা কৰে ৷ আনহাতে আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ২ লাখ টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Nagaon brutal murder: হত্যাকাৰীয়ে কাটিছিল মহিলাৰ জিভা

Last Updated :Sep 16, 2022, 12:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.