ETV Bharat / state

২৩ ছেপ্টেম্বৰৰ পৰা পুনৰ মুকলি হ'ব চিৰাঙৰ ভাৰত-ভূটান সীমান্ত

author img

By

Published : Sep 16, 2022, 10:05 AM IST

Updated : Sep 16, 2022, 3:25 PM IST

ক’ভিডৰ বাবে বন্ধ হৈ থকা ভূটান গেট ভাৰতীয়সকলৰ বাবে মুকলি কৰা হ’ব অহা ২৩ ছেপ্টেম্বৰত (Chirang Bhutan gate will open 23rd September) । সীমান্তবাসীৰ মাজত আনন্দ । সীমান্তৰ ব্যৱসায়-বাণিজ্যকে আদি কৰি স্তব্ধ হৈ পৰিছিল শ্ৰমজীৱীসকলৰ জনজীৱন ।

Bhutan gate
Bhutan gate

চিৰাং, ১৬ ছেপ্টেম্বৰ : অহা ২৩ ছেপ্টেম্বৰৰ পৰা খুলিব ভাৰতীয়সকলৰ বাবে বন্ধ হৈ থকা ভূটানৰ গেট (Chirang Bhutan gate will open 23rd September) । উল্লেখ্য যে ভূটান সীমান্তৰ বৃহত্তৰ অঞ্চলৰ লোকসকল বিভিন্ন দিশত ভূটানৰ ওপৰতে নিৰ্ভৰ হ'বলগীয়া হয় । বিগত সময়ছোৱাত ক’ভিডৰ বাবে দীৰ্ঘ সময় ধৰি বন্ধ হৈ আছিল ভূটানৰ গে'ট (Bhutan gate Chirang) ।

দুয়ো দেশৰ মাজত হোৱা আলোচনাৰ পিচত অহা ২৩ ছেপ্টেম্বৰত ভূটান গেট খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভূটান চৰকাৰে । নতুন নীতি-নিৰ্দেশনা লৈ এইবাৰ খোলা হ'ব ভূটান গেট (Bhutan gate closed due to covid) । উল্লেখ্য, বিটিচিৰ সৈতে ভূটানৰ চাৰিখন গে'ট আছে । সেইকেইখন হৈছে ক্ৰমে চিৰাঙৰ পৰা ভূটানৰ গেলেফুলৈ যোৱা দাদগিৰি হাতিসাৰ গেট, বাক্সা জিলাৰ পানবাং আৰু নাংলাম, তামোলপুৰ জিলাৰ ছানদ্ৰুপজংখা গেট ।

২৩ ছেপ্টেম্বৰৰ পৰা পুনৰ মুকলি হ'ব চিৰাঙৰ ভাৰত-ভূটান সীমান্ত

উক্ত চাৰিওখন গেট অহা ২৩ মাৰ্চত খোল খাব পৰ্যটকসকলৰ বাবে । ইফালে ভাৰত চৰকাৰেও এইবাৰ চিৰাঙৰ দাদগিৰি আৰু বাক্সা জিলাৰ নাংলামত স্থাপন কৰিব প্ৰব্ৰজন কাৰ্যালয় । আনহাতে, ভূটানত আগৰ দৰে নৈশ যাপনৰ বাবে গ'লে এতিয়া ভৰিব লাগিব ১২০০ টকাকৈ । মুঠতে নতুন নীতি-নিৰ্দেশনা লৈ খুলিব ভূটানৰ গেট । ইয়াকে লৈ এতিয়া সীমান্তবাসীৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে ।

কিন্তু চুবুৰীয়া দেশখনৰ গেট খোলাৰ পিচত কি কূটনৈতিক নিৰ্দেশনা থাকিব সেয়া লক্ষণীয় হ'ব । সীমান্তৰ ব্যৱসায়-বাণিজ্যকে আদি কৰি শ্ৰমজীৱীসকলৰ জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল ক’ভিডকালীন সময়ছোৱাত ভূটান গেট বন্ধ হৈ থকাৰ বাবে । উল্লেখ্য, সীমান্তত বাস কৰা দুয়োখন দেশৰ অধিকাংশ লোকেই নিৰ্ভৰশীল হৈ আছে দুয়ো দেশৰ ওপৰত । চিকিৎসাৰ বাবে সীমান্তৰ প্ৰায় ৪০ কিঃমিঃৰ ভিতৰত কোনো চিকিৎসালয় নথকাত ভূটানৰ গেলেফু চিকিৎসালয়লৈ গৈছিল চিৰাঙৰ সীমান্তবাসী ।

উল্লেখ্য, ক’ভিডৰ বাবে ভূটান গেট বন্ধ থকাত অসুবিধাত পৰিবলগীয়া হৈছিল এইসকল সীমান্তবাসীৰ । সেয়ে গেট খোলাৰ খবৰ লাভ কৰি আনন্দিত হৈ পৰিছে সীমান্তৰ লোকসকল ।

লগতে পঢ়ক :জনজাতিকৰণৰ বাবে তীব্ৰ আন্দোলনৰ আহ্বান আখিল গগৈৰ

Last Updated :Sep 16, 2022, 3:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.