জনজাতিকৰণৰ বাবে তীব্ৰ আন্দোলনৰ আহ্বান আখিল গগৈৰ

author img

By

Published : Sep 15, 2022, 8:59 PM IST

জনজাতিকৰণৰ বাবে তীব্ৰ আন্দোলনৰ আহ্বান আখিল গগৈৰ

বুধবাৰে একাষৰীয়া কৰা হ’ল অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী ৷ ইয়াকে লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ জনজাতিকৰণৰ প্ৰসংগত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi on ST status)৷

গুৱাহাটী, ১৫ ছেপ্তেম্বৰ: অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত পুনৰ প্ৰতাৰণা কৰাক লৈ সৰৱ হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ । বৃহস্পতিবাৰে গুৱাহাটীৰ নিজা বাসভৱনত আয়োজন কৰা এখন সংবাদমেলত অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো অসমৰ ছয় জনগোষ্ঠীক পুনৰ বঞ্চনা কৰিলে । ইয়াৰ বিৰুদ্ধে অসমৰ সৰ্বস্তৰৰ ৰাইজে প্ৰতিবাদ কৰা উচিত (MLA Akhil Gogoi on ST status)।

জনজাতিকৰণৰ বাবে তীব্ৰ আন্দোলনৰ আহ্বান আখিল গগৈৰ

বিধায়কগৰাকীয়ে লগতে কয় ‘‘বিধানসভাত মন্ত্ৰী ৰণোজ পেগুৱে দেশৰ মহাপঞ্জীয়কে অনুমোদন নিদিয়াৰ কথা কৈছে । কিন্তু এইটো মিছা কথা । ২০১৮ চনত লোকসভা আৰু ৰাজ্যসভাত অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিধেয়ক উত্থাপন হৈছিল (ST status of Assam six communities)। কেন্দ্ৰীয় চৰকাৰে বিচাৰিলে একেদিনাই জনজাতিকৰণ কৰিব পাৰে । কেবিনেটত উত্থাপন হোৱাৰ পাছতো চৰকাৰে প্ৰতাৰণা কৰি আহিছে’’ ।

ছয় জনগোষ্ঠীৰ একাংশ নেতাৰ চৰকাৰৰ লগত গোপন মিতিৰালিৰ বাবে জনজাতিকৰণ হোৱা নাই বুলি অভিযোগ কৰি তেওঁ কয় যে ছয় জনগোষ্ঠীৰ নেতাসকল গোপন বুজাবুজিৰ পৰা আঁতৰি আহিব লাগে । তেওঁ লগতে কয় যে প্ৰকৃততে যদি জনজাতিকৰণ লাগে তেনেহ’লে তীব্ৰ আন্দোলন কৰিব লাগিব । তেঁও কয়, ‘‘ছয় জনগোষ্ঠীৰ নেতাসকলে এতিয়া অসমত আন্দোলন নকৰে, দিল্লীত আন্দোলন কৰে । গোপন বুজাবুজি কৰি থাকিলে জনজাতিকৰণ সম্ভৱ নহয়’’৷

চৰকাৰে জনগোষ্ঠীসমূহ ভাগ ভাগ কৰি দিছে বুলি সদৰী কৰি অখিল গগৈয়ে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সকলোৰে দাবী । তেওঁ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায় ।

আনহাতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত(Lakhimpur Medical College recruitment scam) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে । বিভিন্ন নিযুক্তি প্ৰক্ৰিয়াত চাৰিওফালৰ পৰা কেলেংকাৰীৰ অভিযোগ উত্থাপিত হোৱা ঘটনাই প্ৰকৃততে কেলেংকাৰী হোৱাৰ কথাৰ কথাই প্ৰমাণ কৰে বুলি মন্তব্য কৰে অখিল গগৈয়ে । বিজেপিৰ ৰাজ্যিক সভাপতিৰ(BJP state president Bhabesh Kalita) বিৰুদ্ধে উত্থাপন হোৱা কেলেংকাৰী সন্দৰ্ভত তদন্ত ঘোষণা কৰাৰ বাবেও দাবী জনায় শিৱসাগৰৰ বিধায়কগৰাকীয়ে ।

বিধায়ক অখিল গগৈয়ে কয়, ‘‘বিজেপি দলে যে কেলেংকাৰী কৰিছে সেই কথা স্পষ্ট হৈছে । বিজেপিৰ যদি লাজ আছে তেন্তে ভৱেশ কলিতাক বহিস্কাৰ কৰিব লাগে’’৷ ভিক্টৰ দাসৰ প্ৰসংগত তেওঁ কয়, ‘‘এতিয়া অভিযোগ কৰিলেই অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰা হয়’’। ভিক্টৰ দাসক শীঘ্ৰে মুকলি কৰিবলৈ দাবী জনায় অখিল গগৈয়ে (Akhil Gogoi on Victor Das)। লগতে সকলো কেলেংকাৰীৰ উচিত তদন্ত দাবী কৰে । আনহাতে বিধান সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা হ'ব লাগে বুলি কয় বিধায়কগৰাকীয়ে ।

মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কেলেংকাৰী গাপ দিব বিচাৰিছে বুলি অভিযোগ কৰি অখিল গগৈয়ে ডাঃ ৰণোজ পেগুক তদন্তৰ আওতালৈ আনিব লাগে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: জয়মালা সন্দৰ্ভত কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ টুইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.