ETV Bharat / state

কিশোৰী ধৰ্ষণৰ অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ

author img

By

Published : May 12, 2020, 4:19 PM IST

Rape Case at Baksa Assam etv bharat news
অভিযুক্তক প্ৰেৰণ জেল হাজোতলৈ

বাক্সাৰ তামুলপুৰৰ চিকনীবাৰীত সংঘটিত কিশোৰী নিৰ্যাতনৰ ঘটনা ৷ নিৰ্যাতনৰ ফলত অন্তঃসত্তা 14 বছৰীয়া এগৰাকী কিশোৰী ৷ সম্প্ৰতি তামুলপুৰ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

বাক্সা,12 মে’: ৰাজ্য়ত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কিশোৰী নিৰ্যাতনৰ ঘটনা ৷ ছয়গাঁৱৰ পিছত এইবাৰ বাক্সাত সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ ঘটনা ৷ জিলাখনৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিকনীবাৰীত এগৰাকী 14বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত গাঁৱখনৰ ফকৰুদ্দিন আহমেদ নামৰ 45 বছৰীয়া ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । ঘটনাৰ বিবৰণী অনুসৰি, ফকৰুদ্দিন আহমেদে ঘৰৰ সমীপৰ এগৰাকী কিশোৰীক প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে ৷ বৰ্তমান পাঁচমাহৰ অন্তঃসত্তা কিশোৰীগৰাকীৰ দেখা দিয়া শাৰীৰিক পৰিৱৰ্তনৰ বিষয়ে পৰিয়ালৰ লোকে সোধ-পোছ কৰাত সমস্ত ঘটনা পোহৰলৈ আহে ৷ পিছত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজক অৱগত কৰাত স্থানীয় ৰাইজৰ পৰামৰ্শ মতে ফকৰুদ্দিনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত সোমবাৰে এক এজাহাৰ দাখিল কৰে ।

অভিযুক্তক প্ৰেৰণ জেল হাজোতলৈ

উক্ত এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে ফকৰুদ্দিনক কৰায়ত্ত্ব কৰি ভাৰতীয় দণ্ডবিধিৰ 209/20 নম্বৰত 448/376/420 পক্স’ আইনৰ অধীনত এক গোচৰ ৰুজু কৰে ৷ মঙলবাৰে আৰক্ষীয়ে অভিযুক্তক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰে । কিন্তু এই কাণ্ডত জড়িত ব্যক্তিজনে সকলো অভিযোগ নসাৎ কৰিছে ৷

লগতে চাওকঃ সুদিন ঘূৰি আহিবনে এপ’ল’ৰ কৰ্মচাৰীসকললৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.