ETV Bharat / state

তামুলপুৰত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ প্ৰক্ৰিয়া

author img

By

Published : Apr 24, 2019, 12:47 AM IST

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ হিলদল ভাঙি ওলাই আহিল তামুলপুৰৰ জনতা ৷ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সপৰিয়ালে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷

তামুলপুৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন

বাক্সা, 23 এপ্ৰিল : তামুলপুৰত শান্তিপূৰ্ণভাৱে সমাপ্ত হয় তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ হিলদল ভাঙি ওলাই আহিল তামুলপুৰৰ জনতা ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰৰ নাওকটা,শুৱাগপুৰ, বাঙালী পাৰা,দেওচুঙা,নাগ্ৰিজুলী ,গান্ধিবাৰীতো ভোটাৰসকলে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ । ইপিনে বি টি এ ডি ৰ ৰাজনীতিৰ অন্যতম কাণ্ডাৰী ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে 5নং শুৱাগপুৰ প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সপৰিয়ালে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷

তামুলপুৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন

ভোটাধিকাৰ সাব্যস্ত কৰিয়েই কোকোৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ জয়ৰ বাবে বাথৌ মন্দিৰত পূজা অৰ্চনা কৰে । আনহাতে বি টি এ ডি ৰ কাৰ্য্যবাহী সদস্য গণেশ কছাৰীৰয়ে শুৱাগপুৰ ঔবাৰী প্ৰথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে ভোটাধিকাৰ ।

Intro:ৰাজ্যত আজি তৃতীয় পৰ্য্যায় তথা অন্তিম পৰ্য্যায়ৰ ভোট গ্ৰহণ।

শান্তি পূৰ্ণ ভাবে ভোট গ্ৰহণ সম্পন্ন তামুলপুৰত।
Body:তামুলপুৰ ২৩ এপ্ৰিল।
আজি ৰাজ্যত তৃতীয় পৰ্য্যায়ৰ ভোট গ্ৰহণ সম্পন্ন হয়।ৰাতিপুৱাৰে পৰা ভোট গ্ৰহণ কেন্দ্ৰ সমুহত ভোটাৰ ৰাইজৰ লানি নিচিঙা সোত বৈছে।ভোটাৰ ৰাইজে স্বতফুৰ্ত ভাবে ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰি নিজৰ পচন্দ ৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিবলৈ।
কোকোৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰৰ নাওকটা,শুৱাগপুৰ, বাঙালী পাৰা,দেওচুঙা,নাগ্ৰিজুলী ,গান্ধিবাৰী তো ভোটাৰ ৰাইজে হিল দল ভাঙি আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।
বি টি এ ডি ৰ ৰাজনীতিৰ অন্যতম কাণ্ডাৰী ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৫নং শুৱাগপুৰ প্ৰথমীক বিদ্যালয় ভোট কেন্দ্ৰ ত স পৰিয়ালে ভোট দান সাব্যস্ত কৰি বাথৌ মন্দিৰত পূজা অৰ্চনা কৰে কোকোৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ জয়ৰ বাবে।
আনহাতে বি টি এ ডি ৰ কাৰ্য্যবাহী সদস্য গণেশ কছাৰীৰ য়ে শুৱাগপুৰ ঔবাৰী প্ৰথমীক বিদ্যালয় ভোট কেন্দ্ৰৰ বাও শাখাত ভোট দান সাব্যস্ত কৰে।

এসময়ত হিংসাৰে জৰজড়িত এই অঞ্চলটোত শান্তি পূৰ্ণ ভাবে নিৰ্বাচন সম্পন্ন হোৱাটোৱেই অঞ্চলটোত শান্তি প্ৰতিষ্ঠা হোৱা বুলি সকলো শ্ৰেণীৰ ৰাইজে একে মুখে কব বিচাৰিছে।
২৩/৪/২০১৯।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.