ETV Bharat / state

মুছলপুৰত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Sep 23, 2021, 4:26 PM IST

Garia maria desi jatiya parishad protest at Baksa
মুছলপুৰত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

জনগোষ্ঠীয় মৰ্যাদা প্ৰদানৰ দাবীত বাক্সাৰ মুছলপুৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ । গৰিয়া-মৰিয়াসকলক ভূমি পুত্ৰ হিচাপে স্বীকৃতি দিয়া, জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰা, সুকীয়া জৰীপ আৰু চিনাক্তকৰণ প্ৰক্ৰিয়াৰে জনগোষ্ঠীৰ লোকসকলক মৰ্যাদা প্ৰদান কৰা আদিকে ধৰি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে ।

বাক্সা, ২৩ ছেপ্টেম্বৰ : সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আহ্বানত বুধবাৰে বাক্সা জিলা গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ আহ্বায়ক সমিতিয়ে মুছলপুৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । গৰিয়া-মৰিয়াসকলক ভূমিপুত্ৰ হিচাপে স্বীকৃতি দিয়া, জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰা, সুকীয়া জৰীপ আৰু চিনাক্তকৰণ প্ৰক্ৰিয়াৰে গৰিয়া-মৰিয়াসকলৰ মৰ্যাদা ৰক্ষা কৰাৰ দাবী জনায় সংগঠনটোৱে ।

"ধৰ্মীয় পৰিচয়ৰ সলনি জনগোষ্ঠীয় পৰিচয় আমাক লাগিবই", "গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ জিন্দাবাদ", "আমাক জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰক", "ভূমিপুত্ৰসকল এক হওক" আদি বিভিন্ন শ্ল'গানৰে মুছলপুৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে সংগঠনটোৰ কৰ্মকৰ্তাসকলে । ইয়াৰ পিছত সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ সংগঠনটোৰ কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

এই মানৱ শৃংখল কাৰ্যসূচীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহঃসাধাৰণ সম্পাদক জালালুদ্দিন আহমেদ, বাক্সা জিলা সমিতিৰ সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক আতিকুৰ ৰহমানকে ধৰি সংগঠনটোৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে । গৰিয়া-মৰিয়াসকলৰ স্বাৰ্থ ৰক্ষাৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনে । আনহাতে, সংগঠনটোৱে নিজকে অসমীয়া বুলি দাবী কৰি মৰ্যাদা প্ৰদানৰ দাবী জনায় ।

লগতে পঢ়ক : হাত-ভৰিত লোৰ শিকলি; মানৱীয়তাৰ অপ-মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.