ETV Bharat / state

বাক্সাৰ শিমলবাৰীত গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

author img

By

Published : Jun 20, 2019, 2:39 PM IST

Updated : Jun 21, 2019, 12:00 PM IST

যিকোনো মূহুৰ্তত দৰঙা নৈৰ বুকুত জাহ যাব পাৰে অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল

বাক্সাৰ শিমলবাৰীত গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ



বাক্সা, 20 জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত শিমলবাৰীত তীব্ৰ গৰাহখহনীয়াই আতংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক৷ দেওবাৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে এৰি দিয়া পানীয়ে মহকুমাটোৰ আনন্দবজাৰ, নাগ্ৰীজুলী, ভোলাঝাৰ আদি ঠাইত বানপানীৰ সৃষ্টি কৰিছিল । যাৰ বাবে দৰঙাপাৰৰ শিমলবাৰীৰ নৈপৰীয়া ৰাইজে জনপ্ৰতিনিধিৰ ওপৰত তীব্ৰ ক্ষোভ উজাৰে৷ জানিব পৰা মতে দৰঙা নৈৰ গৰাখহনীয়াই শিমলবাৰীৰ গাঁওৰ বহু লোকৰ খেতি মাটি খহাই নিয়ে ৷

বাক্সাৰ শিমলবাৰীত গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

ইতিমধ্যে নৈখনে খহাই খহাই ক্ৰমান্বয়ে গাঁওখনৰ মাজভাগলৈ প্ৰৱেশ কৰিছেগৈ ৷ হাছান আলী নামৰ লোকজনৰ চোতালত পাইছেগৈ খহনীয়া ৷ আনহাতে ভূটানে এৰি দিয়া পানীয়ে
অঞ্চলটোৰ চাৰিটাকৈ পৰিয়ালৰ ভৰালৰ ধান তিয়াই নিয়াৰ ফলত লঘোণে দিন কটাবলগীয়া হৈছে পৰিয়াল কেইটাই ৷ এতিয়াও ৰাইজে গৰাহখনীয়া ৰোধৰ বাবে প্ৰশাসনৰ ওচৰত আশাৰে বাট চায় ৰৈছে ৷

Intro:বাক্সাৰ তামুলপুৰৰ শিমলবাৰীত তিব্ৰ গৰাহখহনীয়া ।
ৰাইজৰ জনপ্ৰতিনিধিলৈ তিব্ৰ খোভ ।


Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত শিমলবাৰীত তীব্ৰ গৰাহখহনীয়া কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন । যোৱা দেওবাৰে চুবুৰীয়া ৰাষ্ট্ৰীয় ভূটানে এৰি দিয়া পানীয়ে মহকুমাটোৰ বিভিন্ন অঞ্চল ক্ৰমে আনন্দবজাৰ, নাগ্ৰীজুলী, ভোলাঝাৰ আদি ঠাইত বানপানীৰ সৃষ্টি কৰিছিল । ফলত বৰ্তমানেও মহকুমাটোৰ বিভিন্ন ঠাইত এতিয়াও গৰাহখহনীয়া সৃষ্টি হৈয়ে আছে । যাৰ বাবে দৰঙাপাৰৰ শিমলবাৰীৰ নৈপৰীয়া ৰাইজে জনপ্ৰতিনিধিৰ ওপৰত তিব্ৰ খোভ উজাৰিলে । জানিব পৰা মতে দৰঙা নৈৰ পানীৰ গৰাহখহনীয়াই শিমলবাৰীৰ গাঁওৰ বহু লোকৰ খেতি মাটি গৰাহখহনীয়াত জাহ যায় ।



Conclusion:ইতিমধ্যে নৈখনৰ গৰাহখহনীয়াই হাছান আলী নামৰ এজনৰ লোকৰ চোতালত পাইছেগৈ আৰু চাৰিটাকৈ পৰিয়াল যোৱা দেওবাৰৰ বানপানীয়ে ভৰালৰ ধান তিয়াই যোৱাৰ ফলত লঘোণে দিন কটাবলগীয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । এতিয়াও ৰাইজে গৰাহখনীয়া ৰোধৰ বাবে প্ৰশাসনৰ ওচৰত আশাৰতো ।

ভাষ্য : ১/২/৩/ স্থানীয় লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated :Jun 21, 2019, 12:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.