ETV Bharat / state

Pramod Bodo Slams Hagrama: এবছুৰ ভূতে খেদিছে হাগ্ৰামাক: প্ৰমোদ বড়ো

author img

By

Published : Apr 9, 2023, 10:39 PM IST

Pramod Bodo Slams Hagrama
এবছুৰ ভূতে খেদিছে হাগ্ৰামাক: প্ৰমোদ বড়ো

একেদিনাই বাক্সাৰ তামুলপুৰত কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে । উক্ত শুভাৰম্ভণি অনুষ্ঠানৰ পাচতে সংবাদমাধ্যমৰ আগত সমালোচনাৰে থকা-সৰকা কৰে হাগ্ৰামা মহিলাৰীক (Pramod Bodo Slams Hagrama) । হাগ্ৰামাক এবছুৰ ভূতে খেদিছে বুলি কটাক্ষ কৰে প্ৰমোদ বড়োৱে ।

এবছুৰ ভূতে খেদিছে হাগ্ৰামাক: প্ৰমোদ বড়ো

বাক্সা,৯ এপ্ৰিল: বাক্সাৰ তামুলপুৰত একেদিনাই কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে (Foundation stone laid for development works in Baksa) । দেওবাৰে পথ নিৰ্মাণ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ লগতে আন বহুকেইটা কামৰ শুভাৰম্ভ কৰে প্ৰমোদ বড়োৱে । স্থানীয় বিধায়ক জলেন দৈমাৰী সহ BTR ৰ বহু কেইজন কাৰ্যবাহী সদস্যৰ উপস্থিতিত প্ৰমোদ বড়োৱে শুভাৰম্ভ কৰে উন্নয়নমূলক কামসমূহৰ (BTR Chief Pramod Bodo) ।

ভৱিষ্যত সময়ত তামুলপুৰক লৈ কেইবাটাও পৰিকল্পনাৰ কথা অৱগত কৰে BTR প্ৰধানগৰাকীয়ে । কামৰ শুভাৰম্ভ কৰি পুনৰ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আক্ৰমনাত্মক মন্তব্য প্ৰমোদ বড়োৰ । ১৭ বছৰত হাগ্ৰামা মহিলাৰীয়ে ধ্বংস কৰা কাম আমি ভাল কৰি আছো বুলি উল্লেখ কৰে বড়োৱে (Pramod Bodo Slams Hagrama) । BTR ৰ দুটা বাজেট হাগ্ৰামাৰ পাপ মোচনৰ বাবে ল'ব লগা হৈছে । ২ হেজাৰ ৯ শ কোটি টকাৰ শতাংশলৈ, ওলট পালট কৰি ৰাইজৰ মাজত কেৱল ভেদাভেদৰ সৃষ্টি কৰি BTC ধ্বংস কৰিছে হাগ্ৰামাই ।

১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে পাৱাৰৰ এনজয় কৰিছে আৰু মাত্ৰ ধন ঘটিছে । তেতিয়া সাংবাদিককো হত্যা কৰা হৈছিল । কিন্তু আজি প্ৰতিজন লোকে বুকু ফুলাই কথা ক'ব পৰা হৈছে । তেওঁলোকৰ দৰে কিছু নেতাই ভয় দেখুৱাই, দাদাগিৰী কৰি সমাজ বিভাজন কৰি ৰাজনীতি কৰি আহিছে বুলি উল্লেখ কৰে । হাগ্ৰামা মহিলাৰীক এবছুৰ ভূতে খেদিছে বুলি উল্লেখ কৰি বড়োৱে কয় যে, তেওঁ এবছুক ভয় কৰিব নালাগে (Pramod Bodo Slams Hagrama) ।

বড়োৱে কয় যে, এবছু এটা জাতীয় সংগঠন । আজি প্ৰতিটো সংগঠনে যিদৰে সমাজক নেতৃত্ব দি আহিছে এবছুৱেও ঠিক তেনেদৰে কাম কৰি আহিছে । ১৭ বছৰে তেওঁ উন্নয়নৰ কাম কৰি ৰাইজৰ মাজত ভেটি গঢ়িব পৰা নাই । হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছৰ ৰাজনীতি অনুসৰণ কৰি আহিছে । ৰাহুল গান্ধীয়ে যি কৰে হাগ্ৰামা মহিলাৰীয়ে একেই কৰে । ৰাহুল গান্ধীয়ে যি কয় হাগ্ৰামাইও একে কয় ।

তেওঁ কংগ্ৰেছৰ শ্লোগান লৈ কাম কৰি আহিছে । কংগ্ৰেছৰ পিঠিত উঠি ওলোটা খৰ মৰা হাগ্ৰামাই পুনৰ কংগ্ৰেছৰ পলিচি লৈছে । হাগ্ৰামা মহিলাৰী এতিয়া অস্তিত্বৰ সংকটত ভুগিছে । তেওঁৰ কোনো অস্তিত্ব নাই । যাৰ বাবে তেওঁ আবোল তাবোল বকিছে । তেওঁৰ কথাৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ'ব । তেওঁ ৰাজনীতি কৰিব আহিছে ভালকৈ কৰক মূল্যবোধৰ ৰাজনীতি কৰক । সমাজে বিশ্বাস কৰিব পৰা কথাক লৈ ৰাজনীতি কৰক বুলি উল্লেখ কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক: Congress Mass rally: প্ৰাণ গ’লেও কণ্ঠ ৰুদ্ধ নহয় ৰাহুল গান্ধীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.