ETV Bharat / state

ভূপেন বৰাৰ কথাৰ কোনো মূল্য নাই : দিলীপ শইকীয়া

author img

By

Published : Oct 22, 2021, 3:41 PM IST

বাক্সাৰ সাউদৰভিঠাত নিৰ্বাচনী সভাত অংশ লৈ ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ প্ৰচাৰ চলালে গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই । ফণীধৰ তালুকদাৰক জয়যুক্ত কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । আনহাতে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক নিজ সমষ্টিৰ ৰাইজেই আঁকোৱালি লোৱা নাই বুলি কৈ তীব্ৰ সমালোচনা কৰে দিলীপ শইকীয়াই ।

BJP election campaign at Bhabanipur
বাক্সাৰ সাউদৰভিঠাত বিজেপিৰ নিৰ্বাচনী সভা

বাক্সা, ২২ অক্টোবৰ: "অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক ৰাইজেই নস্যাৎ কৰিছে । তেওঁ নিজ সমষ্টিতে পৰাজিত হৈছে আৰু এনে স্থলত তেওঁ ৰাইজৰ মনৰ কথা কেনেকৈ উপলব্ধি কৰিব পাৰিব ? ভূপেন কুমাৰ বৰাৰ কথাৰ কোনো মূল্য নাই ।" বাক্সাৰ সাউদৰভিঠাত নিৰ্বাচনী সভাত অংশ লৈ এইদৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীক সমালোচনা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ।

বাক্সাৰ সাউদৰভিঠাত বিজেপিৰ নিৰ্বাচনী সভা

ভৱানীপুৰত বিজেপিয়ে এইবাৰ বেয়া প্ৰাৰ্থী দিয়া বুলি ভূপেন কুমাৰ বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদগৰাকীয়ে । সাউদৰভিঠাত দিলীপ শইকীয়াই ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । এই নিৰ্বাচনী সভাত বিজেপি দলৰ কিষাণ মৰ্চাৰ উত্তৰ ভৱানীপুৰ মণ্ডলৰ সভাপতি সঞ্জীৱ নাথকে ধৰি কেইবাগৰাকীও দলীয় নেতাই অংশগ্রহণ কৰে ।

আনহাতে, হাগ্ৰামা মহিলাৰীয়ে বিজেপিলৈ সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে, নিৰ্বাচনৰ সময়ত বিভিন্ন জনে বিভিন্ন কথা কয় । কিন্তু হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰা বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে । হাগ্ৰামাই মিত্ৰজোঁটক মুকলিভাৱে সমৰ্থন কৰাৰ কথা কৈছিল ।

সেয়ে, মহিলাৰীয়ে প্ৰথমে যি কথা কৈছে, সেয়া কথাকে মনত ৰাখি স্থিতিত অটল থকা উচিত বুলি তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে, ধন দিয়া-নিদিয়াৰ কথা হাগ্ৰামা মহিলাৰী নিজে জানিব । কাৰণ হাগ্ৰামা মহিলাৰীয়ে ১৫ বছৰ ধৰি বিটিচিৰ শাসন চলাইছিল । কোনজনক ধন দি আনিছিল কোনজনক ধন নিদিয়াকৈ আনিছিল সেয়া মহিলাৰীয়ে নিজে জানে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ।

তেওঁ লগতে দলৰ আদৰ্শৰ কথা অৱতাৰণা কৰি কয় যে, ভাৰতীয় জনতা পার্টী এটা অনুশাসনবদ্ধ দল । দলে দেশৰ স্বাৰ্থক সদায় আগস্থান দিয়ে । আনহাতে, বৰাকত অসমীয়া ভাষাক কৰা অপমান সন্দৰ্ভত দিলীপ শইকীয়াই কয় যে, অসমত অসমীয়া ৰাজ্য ভাষা হিচাপে থাকিবই । কোনোবাই বেনাৰত ক'লা ৰং সানক অথবা বগা, ৰঙা ৰং সানক, এই কাৰ্যই কোনো প্ৰভাৱ নেপেলায় ।

লগতে পঢ়ক : মহানগৰীৰ পশ্চিম বৰাগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.