ETV Bharat / state

মহানগৰীৰ পশ্চিম বৰাগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

author img

By

Published : Oct 22, 2021, 11:15 AM IST

Husband killed wife in Guwahati
মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড

মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড । স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ পাকঘৰত । অৱশেষত ভাড়াতীয়াই আৰক্ষীক অৱগত কৰিলে হত্যাকাণ্ডৰ ঘটনা । ইয়াৰ পাচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পত্নীহন্তা স্বামীক ।

গুৱাহাটী, ২২ অক্টোবৰ: গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ পাকঘৰত । আৰক্ষীয়ে এটা কোঠাৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰিলে মহিলাগৰ‍কীৰ মৃতদেহ । মৃত মহিলাগৰাকীৰ নাম আন্তিমা গুপ্তা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোঁজ হোৱা বুলি গড়চুক আৰক্ষীক অৱগত কৰিছিল । স্বামী সন্তোষ গুপ্তাই পত্নীক পৰিকল্পিতভাৱে হত‍্যা কৰি নাটকীয় ৰূপ দিয়‍াৰ প্ৰচেষ্টা কৰিছিল । সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰাখিছিল সন্তোষ গুপ্তাৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনীঘৰত ।

কিন্তু বৃহস্পতিবাৰে নিশা দেৱযানী দাসে তেওঁৰ স্বামীৰ সৈতে গড়চুক আৰক্ষী থানাত হাজিৰ হৈ তেওঁলোকৰ ৰান্ধনীঘৰত সন্তোষ গুপ্তাই তেওঁৰ পত্নীৰ মৃতদেহটো লুকুৱাই ৰখাৰ কথা জনায় । সন্তোষ গুপ্তাই হত‍্যাকাণ্ডৰ ঘটনাটো লুকুৱাই ৰাখিবলৈ দেৱযানী দাসক নিৰ্দেশ দিছিল যদিও অৱশেষত তেওঁলোক আৰক্ষীৰ কাষ চাপে ।

তেওঁলোকৰ কথাৰ ভিত্তিত বৃহস্পতিবাৰে নিশাই ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে । লগতে এটা মোবাইল ফোনো উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে সোধা-পোছাৰ বাবে দেৱযানী দাস আৰু তেওঁৰ স্বামীকো আটক কৰিছে । ইতিমধ্যে, গ্ৰেপ্তাৰ কৰা হৈছে হত‍্যাকাৰী সন্তোষ গুপ্তাক ।

ধৃত সন্তোষ গুপ্তা পেছাত এগৰাকী চাৰ্টাৰ একাউনটেণ্ট । জানিব পৰা মতে, আন্তিমা গুপ্তাৰ সৈতে সন্তোষ গুপ্তাৰ বিবাহ পাশত আবদ্ধ হোৱা ৭ বছৰ হৈছিল যদিও তেওঁলোক নিঃসন্তান আছিল । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক:চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.