ETV Bharat / state

Sikkim flash floods: ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগত সন্ধানহীন অসমৰ সেনা জোৱান মিটু কলিতা

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:56 PM IST

Sikkim flash floods
rmy Jawan from Assam

ছিকিমত সংঘটিত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত সন্ধানহীন হৈ আছে অসমৰ বাক্সা জিলাৰ এজন সেনা জোৱান ৷ বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই জোৱানজনৰ ৷ ভাৰতীয় সেনাত কৰ্মৰত জোৱানজনৰ নাম মিটু কলিতা ৷

বাক্সা, ৫ অক্টোবৰ: ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ বানত সন্ধানহীন অসমৰ এজন সেনা জোৱান । সেনা জোৱানজন বাক্সাৰ আনন্দ বজাৰৰ মিটু কলিতা বুলি জানিব পৰা গৈছে । আলিপুৰ দুৱাৰত কৰ্মৰত নিয়োজিত হৈ আছিল ভাৰতীয় সেনা জোৱান মিটু কলিতা ৷ বিভাগীয় নিৰ্দেশ অনুসৰি গৈছিল ছিকিমলৈ জোৱানজন ।

মিটু কলিতাই কৰ্মসূত্ৰে আলিপুৰ দুৱাৰৰ পৰা ছিকিমলৈ গৈ থকাৰ কথা জনাইছিল কণিষ্ঠ ভাতৃক । ছিকিমৰ পৰা ওভতাৰ পথত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণত ২২ জন সেনা জোৱানসহ মিটু কলিতা সন্ধাহীন হোৱা বুলি অনুমান কৰা হৈছে । মিটু কলিতাৰ বৰ্তমানলৈ কোনো তথ্য লাভ কৰা নাই পৰিয়ালৰ লোকে ।
উল্লেখ্য যে, বুধবাৰে পুৱা উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওচৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ২৩ গৰাকী সেনা জোৱানসহ সন্ধানহীন হৈছিল ১০২ লোক ৷ বৃহস্পতিবাৰে সন্দিয়া পৰ্যন্ত তিস্তা নদীৰ পৰা ১৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

ভাৰতীয় সেনা, NDRF, আৰক্ষী আৰু স্থানীয় প্ৰশাসনে চলোৱা ব্যাপক উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ কৰা হৈছে মৃতদেহকেইটা । জলপাইগুৰিত উদ্ধাৰ হোৱা ১৭টা মৃতদেহ চিনাক্তকৰণৰ চেষ্টা চলাইছে সেনাই । NDRF, অসামৰিক প্ৰতিৰক্ষা বাহিনী আৰু আৰক্ষীৰ সৈতে তিস্তা নদীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেনাই ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গুৱাহাটীৰ মুখ্য জনসংযোগ বিষয়া (প্ৰতিৰক্ষা) লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে কয়, ‘‘ছিকিমত সংঘটিত দুৰ্যোগৰ পিছত ২৩ জন জোৱান সন্ধানহীন হৈ আছে । কালি তেওঁলোকৰ এজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় । এতিয়া তেওঁ চিকিৎসাধীন হৈ আছে । এতিয়াও সন্ধানহীন হৈ আছে ২২ জন সেনা জোৱান । উদ্ধাৰ অভিযান চলি আছে । ত্ৰিশক্তি কৰ্পছে অভিযান চলাই আছে ৷’’

লগতে পঢ়ক: Sikkim flash floods update: তিস্তা নদীত উদ্ধাৰ ছিকিমত সন্ধানহীন ১৭ গৰাকী লোকৰ মৃতদেহ; ৮৫ জন এতিয়াও নিখোঁজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.