ETV Bharat / bharat

Sikkim flash floods update: তিস্তা নদীত উদ্ধাৰ ছিকিমত সন্ধানহীন ১৭ গৰাকী লোকৰ মৃতদেহ; ৮৫ জন এতিয়াও নিখোঁজ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 7:09 PM IST

ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগত সন্ধানহীন হোৱা ১০২ জন লোকৰ ভিতৰত বৰ্তমানলৈকে ১৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । তিস্তা নদীত উদ্ধাৰ মৃতদেহকেইটা ৷

Sikkim flash flood aftermath
Sikkim flash floods update

নিউজ ডেস্ক, 5 অক্টোবৰ: বুধবাৰে পুৱা উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওচৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত সন্ধানহীন হৈছিল সেনা জোৱানসহ শতাধিক লোক ৷ বৃহস্পতিবাৰে পশ্চিম বংগৰ জলপাইগুৰিৰ তিস্তা নদীৰ পৰা ১৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

ভাৰতীয় সেনা, NDRF, আৰক্ষী আৰু স্থানীয় প্ৰশাসনে চলোৱা ব্যাপক তালাচী অভিযানৰ অন্তত মৃতদেহকেইটা উদ্ধাৰ কৰা হৈছে । উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওচৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীৰ অৱবাহিকাত ভয়ংকৰভাৱে বানপানীৰ সৃষ্টি হয় ৷ যাৰ ফলত ২২ জন সেনা জোৱানসহ ১০২ জন লোক নিৰুদ্দেশ হৈ পৰে । বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে ১৭টা মৃতদেহ ৷

জলপাইগুৰিত উদ্ধাৰ হোৱা ১৭টা মৃতদেহ চিনাক্তকৰণৰ চেষ্টা চলাইছে সেনাই । তিস্তা নদীৰ পৰা সেনাই ব্যৱহাৰ কৰা মৰ্টাৰ আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ, গাড়ীৰ অংশও উদ্ধাৰ কৰা হৈছে । NDRF, অসামৰিক প্ৰতিৰক্ষা বাহিনী আৰু আৰক্ষীৰ সৈতে সেনাই তিস্তা নদীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । আটাইকেইটা মৃতদেহ ছিকিমৰ পৰা উটি অহাৰ সন্দেহ কৰা হৈছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গুৱাহাটীৰ মুখ্য জনসংযোগ বিষয়া (প্ৰতিৰক্ষা) লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে কয়, ‘‘ছিকিমত সংঘটিত দুৰ্যোগৰ পিছত ২৩ জন জোৱান সন্ধানহীন হৈ আছে । কালি তেওঁলোকৰ এজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় । এতিয়া তেওঁ চিকিৎসাধীন হৈ আছে । এতিয়াও সন্ধানহীন হৈ আছে ২২ জন সেনা জোৱান । উদ্ধাৰ অভিযান চলি আছে । ত্ৰিশক্তি কৰ্পছে অভিযান চলাই আছে ৷’’

বিভিন্ন থানাৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ইয়াৰে ৮ টা মৃতদেহ মাইনাগুৰি থানা এলেকাত, ২টা জলপাইগুৰি সদৰ ব্লকত, ২টা মেখলীগঞ্জত, দুজন লোকক ক্ৰান্তি ব্লকত, ২ টা মৃতদেহ মালবজাৰ ব্লকত আৰু ৩টা টাকিমাৰী অঞ্চলত উদ্ধাৰ কৰা হৈছে । মাইনাগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তামাল দাসে কয়, "মইনাগুৰি অঞ্চলৰ পৰা ৮ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । ইয়াৰ ভিতৰত এটা শিশু, এগৰাকী মহিলা আৰু ৬ জন পুৰুষ আছে ।"

মালবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুজিত লামাই জনোৱা মতে, অঞ্চলটোত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক: Sikkim Flash Flood: ছিকিমত বানত ১৪ জনৰ মৃত্যু; ১০২ জন সন্ধানহীন, মুখ্যমন্ত্ৰী পি এছ তামাঙৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.