ETV Bharat / bharat

Sikkim Flash Flood: ছিকিমত বানত ১৪ জনৰ মৃত্যু; ১০২ জন সন্ধানহীন, মুখ্যমন্ত্ৰী পি এছ তামাঙৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:21 AM IST

Updated : Oct 5, 2023, 10:27 AM IST

ছিকিমৰ আকস্মিক বানত ১৪ জন নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ২২ জন সেনা জোৱানসহ প্ৰায় ১০২ জন লোক নিৰুদ্দেশ হৈ আছে । ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাঙৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ ছিকিম চৰকাৰক সম্ভৱপৰ সকলো সাহাৰ্য প্ৰদানৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ ৷

Sikkim Flash Flood
ছিকিমত বানৰ সংহাৰ

তেজপুৰ, ৫ অক্টোবৰ: উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীৰ অৱবাহিকাত হোৱা বানৰ ফলত বৰ্তমানলৈ প্ৰায় ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২২ জন সেনা জোৱানসহ প্ৰায় ১০২ জন লোক নিৰুদ্দেশ হৈ আছে । মৃত্যু হোৱা আটাইকেইজন সাধাৰণ নাগৰিক বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে তিনিজনক উত্তৰ বংগত উটি যায় ৷ আনহাতে বুধবাৰে পুৱা নিৰুদ্দেশ হোৱা ২৩ জন সেনা জোৱানৰ এজনক পিচত উদ্ধাৰ কৰা হয় ।

ছিকিমৰ চৰকাৰী বিষয়াই জনোৱা মতে, বুধবাৰে পুৱা প্ৰায় ১.৩০ বজাৰ পৰা আৰম্ভ হোৱা ছিকিমৰ বান পৰিস্থিতি চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত অধিক ভয়াৱহ হৈ পৰে । ছিকিমৰ মুখ্য সচিব ভি বি পাঠকে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩ হাজাৰৰো অধিক পৰ্যটক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । তেওঁ লগতে কয় যে চুংথাঙত তিস্তা বান্ধৰ তৃতীয় পৰ্যায়ত কৰ্মৰত বহু কৰ্মচাৰী আবদ্ধ হৈ আছে । মুখ্য সচিবগৰাকীয়ে কয় যে বানপানীৰ ফলত পথৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে ৷ প্ৰায় ১৪খন দলং ভাঙিছে, ইয়াৰে ৯খন দলং সীমান্ত পথ সংস্থাৰ অধীনস্থ আৰু ৫খন ৰাজ্য চৰকাৰৰ ।

আন এজন বিষয়াই জনোৱা মতে, এজন সেনা জোৱানকে ধৰি প্ৰায় ১৬৬ জন লোকক উদ্ধাৰ কৰা হৈছে ৷ উদ্ধাৰকাৰী দলে চিংটামৰ গোলিটাৰত থকা তিস্তা নদীৰ বানাক্ৰান্ত অঞ্চলৰ পৰা কেইবাটাও মৃতদেহ উদ্ধাৰ কৰে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ বান পৰিস্থিতিৰ বুজ লয় ৷ তেওঁ ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাঙৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰক সম্ভৱপৰ সকলো সহায় কৰাৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক: Flash Flood in Sikkim: ছিকিমত আকস্মিক বানত ২৩ সেনা জোৱান সন্ধানহীন; এজনক উদ্ধাৰ

Last Updated : Oct 5, 2023, 10:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.