ETV Bharat / state

Flash Flood in Sikkim: ছিকিমত আকস্মিক বানত ২৩ সেনা জোৱান সন্ধানহীন; এজনক উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:04 AM IST

Updated : Oct 4, 2023, 8:41 PM IST

প্ৰকৃতিয়ে পুনৰ তাণ্ডৱ সৃষ্টি কৰিছে ছিকিমত । এইবাৰ লোনাক হ্ৰদৰ ওপৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীত সৃষ্টি হৈছে আকস্মিক বানৰ । এই বানৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে নিকটৱৰ্তী সেনা শিবিৰসমূহ । আনহাতে, ২৩ গৰাকী সেনা জোৱান সন্ধানহীন হোৱাৰ খবৰ লাভ কৰা হৈছে । ইফালে, বিয়লি এজন জোৱানক উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি জোৱানজন সংকটমুক্ত ৷

ছিকিমত আকস্মিক বানত ২৩ সেনা জোৱান সন্ধানহীন
Flash Flood in Sikkim

তেজপুৰ, ৪ অক্টোবৰ : এইবাৰ প্ৰকৃতিৰ ৰোষত ছিকিম । বিগত কিছু মাহ ধৰি পাহাৰীয়া ৰাজ্য হিমাচলত বান আৰু ভূমিস্খলনেৰে প্ৰকৃতিয়ে ধ্বংসলীলা চলাই অহাৰ পিছত এইবাৰ ছিকিমত আকস্মিক বান পৰিস্থিতিৰ উদ্ভৱ হৈছে । উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত লাচেন উপত্যকাৰ তিস্তা নদীত আকস্মিক বানৰ সৃষ্টি হৈছে । প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এই কথা জনাইছে । তেওঁ জনোৱা মতে, এই আকস্মিক বানৰ ফলত উপত্যকাটোৰ কাষৰীয়া কিছু সেনা প্ৰতিষ্ঠান প্ৰভাৱিত হৈছে । জানিব পৰা মতে, পানীৰ তলত বুৰ গৈছে সেনাৰ একাধিক বাহন । সন্ধানহীন হৈছে কেইবাজনো সেনা জোৱান । যুদ্ধকালীন প্ৰচেষ্টাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে । অৱশ্যে অধিক বিৱৰণৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে ।

আকস্মিক বানৰ কবলত উত্তৰ ছিকিম
আকস্মিক বানৰ কবলত উত্তৰ ছিকিম

উল্লেখ্য যে চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলতে হঠাতে পানীৰ স্তৰ নিম্নাংশত ১৫-২০ ফুট উচ্চতালৈ বৃদ্ধি পায় । ইয়াৰ ফলত চিংটামৰ ওচৰৰ বৰদাঙত ৰখাই থোৱা সেনাৰ বাহনসমূহ প্ৰভাৱিত হৈছে । প্ৰাপ্ত খবৰ অনুসৰি, প্ৰায় ২৩ জন সেনা জোৱান সন্ধানহীন হৈ আছে আৰু বহু বাহন পানীৰ তলত ডুব যোৱাৰ খবৰ পোৱা গৈছে । সেনা জোৱানকেইজনৰ সন্ধানত অভিযান চলি আছে । ইফালে ছিকিমৰ চুংথাম মূল ভূখণ্ডৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে । ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ ছিকিমৰ লোনাক হ্ৰদ উপচি পৰাৰ ফলত অতিৰিক্ত পানীভাগ তিস্তা নদীলৈ বৈ অহাৰ ফলতে এই বিপত্তিৰ সূত্ৰপাত হয় । আনহাতে, সূত্ৰৰ খবৰ অনুসৰি অঞ্চলটোত ভূমিস্খলনো আৰম্ভ হৈছে ।

আনহাতে, গুৱাহাটীস্থিত প্ৰতিৰক্ষা জনসম্পৰ্ক বিষয়াই (পিআৰঅ') এক্সত ঘটনা সন্দৰ্ভত অৱগত কৰি পোষ্ট কৰিছে, "উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত হঠাতে ডাৱৰ বিস্ফোৰণৰ পিছত লাচেন উপত্যকাৰ তিস্তা নদীত সংঘটিত আকস্মিক বানৰ ফলত ২৩ জন সেনা জোৱান সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ।"

ব্যাহত হৈছে পথ যোগাযোগ
ব্যাহত হৈছে পথ যোগাযোগ

ইফালে এই বিস্ফোৰণৰ বিষয়ে তথ্য প্ৰদান কৰি গেংটক জিলা প্ৰশাসনে কয়, "গেংটকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চিংটাম চহৰৰ তিস্তা নদীৰ ওপৰৰ ইন্দ্ৰেনি দলং আকস্মিক বানৰ কবলত পৰিছে । পুৱা প্ৰায় ৪ বজাত বালুতাৰ জনপদৰ এখন সংযোগী দলঙো উটি গৈছে ।"

জানিব পৰা মতে, অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু অঞ্চলটোৰ পৰা স্থানীয় বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছে । একেদৰে হাই এলাৰ্ট জাৰি কৰি মঙ্গন জিলাৰ দিখুত তিস্তা ষ্টেজ ৫ বান্ধ মুকলি কৰা হৈছে যাতে অতিৰিক্ত পানীভাগ এৰি দিব পৰা যায় । লগতে বান্ধটোৰ নিয়ন্ত্ৰণ কক্ষ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলিও খবৰ পোৱা গৈছে । গেংটকৰ চিংটামত অৱস্থিত তিস্তা নদীৰ ওচৰৰ বহুতো ঘৰ খালী কৰা হৈছে । ইয়াৰ উপৰি চহৰখনৰ চিংটাম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অস্থায়ী সাহায্য শিবিৰ স্থাপন কৰা হৈছে বুলি প্ৰশাসনৰ সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :Foreign funding case: নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ

Last Updated : Oct 4, 2023, 8:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.