ETV Bharat / state

কাইলৈ 19 সংখ্যক বিটিচি চুক্তি দিৱস

author img

By

Published : Feb 9, 2021, 5:56 PM IST

Updated : Feb 9, 2021, 6:03 PM IST

18 টা বছৰ পাৰ কৰিলে বিটিচি শান্তি চুক্তিয়ে ৷ কাইলৈ বিটিচিবাসীয়ে পোৱা-নোপোৱাৰ মাজৰে উদযাপন কৰিব 19 সংখ্যক বিটিচি চুক্তি দিৱস ৷ ইয়াৰ সমান্তৰালভাৱে বিপিএফে বাক্সা জিলাৰ বৰমাত কেন্দ্ৰীয়ভাৱে পালন কৰিব বিটিচি চুক্তি দিৱস ৷

19th-btc-accord-day-celebration
কাইলৈ বিপিএফে পালন কৰিব 19 সংখ্যক বিটিচি চুক্তি দিৱস

বাক্সা,৯ ফেব্ৰুৱাৰী: পোৱা-নোপোৱাৰ মাজৰে বুধবাৰে বিটিচিবাসীয়ে উদযাপন কৰিব 19 সংখ্যক বিটিচি চুক্তি দিৱস ৷ 2003 চনৰ 10 ফেব্ৰুৱাৰীত নায্য প্ৰাপ্তিৰ দাবীত বড়ো বিদ্ৰোহী সংগঠন বিএলটিয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰ কৰিছিল দ্বিতীয় বড়ো শান্তি চুক্তি ৷ ইয়াৰ পিচৰে পৰা বিটিচি চুক্তি দিৱস হিচাপে বিটিচিবাসীয়ে পালন কৰি আহিছে 10 ফেব্ৰুৱাৰীৰ দিনটো ৷

কাইলৈ 19 সংখ্যক বিটিচি চুক্তি দিৱস

বিটিচিবাসীৰ লগতে কাইলৈ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলেও উদযাপন কৰিব এই দিৱস ৷ দলটোৰ উদ্যোগত বাক্সাৰ বৰমাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে বিটিচি চুক্তি দিৱস ৷ বিপিএফৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিয়া অনুসৰি বিটিচি চুক্তি দিৱসৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ এই উপলক্ষে গ্ৰহণ কৰা কাৰ্যসূচীত বিপিএফৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকিব বুলি দলটোৰ শীৰ্ষ নেতৃত্বই সাংবাদিকক জানিবলৈ দিছে ৷

লগতে পঢ়ক: নিজৰ ওপজা গাঁৱত আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

Last Updated :Feb 9, 2021, 6:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.