ETV Bharat / sports

PARALYMPICS ২০২১: টকিঅ'ত উপস্থিত ভাৰতীয় খেলুৱৈৰ প্ৰথম দল

author img

By

Published : Aug 18, 2021, 6:50 PM IST

Updated : Aug 18, 2021, 8:00 PM IST

২৪ আগষ্টৰ পৰা টকিঅ'(Tokyo)ত অনুষ্ঠিত হ'ব পেৰা অলিম্পিক(Paralympics) । ইতিমধ্যে টকিঅ'ত উপস্থিত হৈছে ভাৰতীয় খেলুৱৈৰ প্ৰথম দলটো । ভাৰতৰ মুঠ ৫৪ গৰাকী খেলুৱৈয়ে পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিব ।

First batch of Indian athletes arrive in Tokyo for Paralympics
টকিঅ' উপস্থিত ভাৰতীয় খেলুৱৈৰ প্ৰথম দল

স্পৰ্টছ ডেস্ক, ১৮ আগষ্ট: শেহতীয়াকৈ অন্ত পৰা টকিঅ' অলিম্পিকত ৭ টাকৈ পদক লাভ কৰি ভাৰতীয় খেলুৱৈসকলে দেশক গৌৰৱান্বিত কৰাৰ পাছত এতিয়া ভাৰতৰ আন একাংশ খেলুৱৈয়ে পেৰা অলিম্পিকত পদক জয়ৰ আশা মনত লৈ টকিঅ'ত উপস্থিত হৈছে । ভাৰতৰ মুঠ ৫৪ গৰাকী খেলুৱৈয়ে পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিব । বুধবাৰে টকিঅ'ত উপস্থিত হৈছে ভাৰতীয় খেলুৱৈৰ প্ৰথম দলটো । ৯ বিধ খেলৰ বিভিন্ন শাখাত দেশৰ হৈ প্ৰতিদ্বন্দিতা কৰিব এই খেলুৱৈসকলে ।

পেৰা অলিম্পিক গেমছত অংশ লোৱা ভাৰতীয় দলসমূহৰ ভিতৰত এইটো দলেই ভাৰতৰ আটাইতকৈ ডাঙৰ দল । ভাৰতীয় খেলুৱৈৰ প্ৰথম দলটোৱে বুধবাৰে পুৱাই দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা টকিঅ'লৈ উৰা মাৰিছিল । টকিঅ' ৰাওনা হোৱাৰ পূৰ্বে, টেক চান্দ(Tek Chand) নামৰ এজন জেভলিন থ্ৰোৱাৰে কয় যে, তেওঁ পদক জয় কৰিবলৈ সাধ্য অনুসাৰে চেষ্টা কৰিব । এই ক্ষেত্ৰত বহু বাধাৰ সন্মুখীন হৈছিল যদিও এতিয়া দেশৰ হৈ খেলিবলৈ পাই আনন্দ প্ৰকাশ কৰিছে ।

আনহাতে, ভাৰতীয় পেৰা অলিম্পিক কমিটীৰ সভাপতি দীপা মালিকে কয় যে, ভাৰতীয় দলটোত যথেষ্ট সংখ্যক খেলুৱৈ আছে । তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে সকলো খেলুৱৈকে শুভকামনা জনাইছে ।

এইবাৰ তেওঁ পেৰা অলিম্পিকৰ কোনো খেলত অংশ লোৱা নাই বুলিও জানিবলৈ দিয়ে । তেওঁ এইবাৰে আন এক দায়িত্ব পালন কৰি খেলুৱৈসকলৰ লগত আছে বুলি প্ৰকাশ কৰে । তেওঁ আটাইকেইগৰাকী খেলুৱৈকে শুভকামনা জনায় । টকিঅ' পেৰালিম্পিক গেমছ ২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব ।

ভাৰতে ২৭ আগষ্টত পুৰুষ আৰু মহিলাৰ আৰ্চাৰীৰ জৰিয়তে পেৰা অলিম্পিকৰ এই যাত্ৰাৰ শুভাৰম্ভণি কৰিব । ২০১৬ৰ ৰিঅ' গেমছৰ স্বৰ্ণ পদক বিজয়ী থাংগাভেলু মাৰিয়াপ্পান(Thangavelu Mariyappan) হ'ব ভাৰতৰ পতাকা বাহক । আনহাতে গুৰশৰণ সিং দলটোৰ চেফ ডি মিছন হ'ব ।

লগতে পঢ়ক:ৰবি দহিয়াৰ নামেৰে নামাকৰণ কৰা হ'ব এখন বিশেষ বিদ্যালয়

Last Updated :Aug 18, 2021, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.