ETV Bharat / sports

Asian Games 2023: তৃতীয় লিংগৰ খেলুৱৈৰ হাতত পৰাজিত হোৱা বুলি বিস্ফোৰক অভিযোগ ভাৰতীয় খেলুৱৈৰ

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 2:24 PM IST

Swapna Burman alleges
ভাৰতীয় খেলুৱৈ স্বপ্না বৰ্মন

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত 2018 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক বিজয়ী স্বপ্না বৰ্মনৰ গুৰুতৰ অভিযাগ । অন্যায়ৰ বলি হোৱা বুলি আক্ষেপ প্ৰকাশ স্বৰ্ণ পদক বিজয়ী ভাৰতীয় খেলুৱৈগৰাকীৰ ৷ 19 সংখ্যক এছিয়ান গেমছত এগৰাকী তৃতীয় লিংগৰ খেলুৱৈৰ হাতত এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক হেৰুওৱাৰ অভিযোগ স্বপ্না বৰ্মনৰ ৷

স্পৰ্টছ ডেস্ক, 2 অক্টোবৰ: এছিয়ান গেমছ 2023 ৰ বিৰুদ্ধে আক্ষেপ প্ৰকাশ ভাৰতীয় খেলুৱৈৰ ৷ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত 2018 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক বিজয়ী 26 বছৰীয়া ভাৰতীয় হেপ্টাথলীট স্বপ্না বৰ্মনে সোমবাৰে অভিযোগ কৰে যে চলি থকা এছিয়ান গেমছত এজন “ট্ৰান্সজেণ্ডাৰ খেলুৱৈ”ৰ হাতত তেওঁ ব্ৰঞ্জৰ পদক হেৰুৱাইছে ।

খেলুৱৈগৰাকীয়ে X যোগে ক্ষোভ প্ৰকাশ কৰি কয়, "চীনৰ হাংঝৌত অনুষ্ঠিত 19 সংখ্যক এছিয়ান গেমছত এগৰাকী তৃতীয় লিংগৰ খেলুৱৈৰ হাতত এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক হেৰুৱালোঁ । মই মোৰ পদক ঘূৰাই বিচাৰো কাৰণ ই আমাৰ এথলেটিকছৰ নিয়ম বিৰুদ্ধ । মোক সহায় কৰক আৰু মোক অনুগ্ৰহ কৰি সমৰ্থন জনাওক । খেলুৱৈগৰাকীয়ে পোষ্টটোৰ সৈতে #protestforfairplay নামৰ এক হেশটেগো ব্যৱহাৰ কৰিছিল ।

অৱশ্যে পৰৱৰ্তী সময়ত অভিযোগকাৰী খেলুৱৈগৰাকীৰ পোষ্টটো সামাজিক মাধ্যমত দেখিবলৈ পোৱা নগ’ল ৷ সকলোৱে উক্ত পোষ্টটো বৰ্মনে ডিলিট কৰি পেলালে বুলি অনুমান কৰিছে । চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছৰ সময়ত স্বপ্না বৰ্মনে হেপ্টাথলন ইভেণ্টত চতুৰ্থ স্থান দখল কৰে । স্বপ্নাৰ প্ৰতিদ্বন্দী হিচাপে আছিল ভাৰতীয় খেলুৱৈ নন্দিনী আগছাৰা আৰু তেওঁৰ হাততে হাতত ব্ৰঞ্জৰ পদক হেৰুৱাইছিল স্বপ্নাই । নন্দিনীয়ে 5712 পইণ্ট লাভ কৰাৰ বিপৰীতে পশ্চিম বংগৰ স্বপ্নাই লাভ কৰে 5708 পইণ্ট ।

চলি থকা এছিয়ান গেমছৰ সময়ত হেপ্টাথলন ইভেণ্টত চীনৰ খেলুৱৈ নিনালি ঝেঙে 6149 পইণ্টেৰে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে উজবেকিস্তানৰ একাটেৰিনা ভ’ৰ’নিনাই 6056 পইণ্টেৰে ৰূপৰ পদক লাভ কৰে । এই পৰ্যন্ত ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যন (AFI), কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়, ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ বা কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে স্বপ্না বৰ্মনে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত কোনো সঁহাৰি প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক: Asian Games 2023 : ৰোমাঞ্চকৰ ফলাফল, তৃতীয় স্থানত থাকিও ৰূপৰ পদক লাভ জ্যোতি য়াৰাজীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.