ETV Bharat / sports

Asian Games 2023 : ৰোমাঞ্চকৰ ফলাফল, তৃতীয় স্থানত থাকিও ৰূপৰ পদক লাভ জ্যোতি য়াৰাজীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 12:30 PM IST

মহিলাৰ ১০০ মিটাৰ হৰ্ডলছ দৌৰত ৰূপৰ পদক লাভ জ্যোতি য়াৰাজীৰ । খেলত প্ৰথমে অযোগ্য ঘোষণা কৰা হৈছিল যদিও পাছত অনুমতি লাভ কৰি তৃতীয় স্থান দখল কৰে য়াৰাজীয়ে । অৱশ্যে দৌৰৰ নিৰ্দিষ্ট নিয়ম ভংগ কৰাৰ বাবে দ্বিতীয় স্থানত থকা চীনা খেলুৱৈক অযোগ্য ঘোষণা কৰা হয় ।

Asian Games 2023
তৃতীয় স্থানত থাকিও ৰূপৰ পদক লাভ যোথি য়াৰাজীৰ

স্পৰ্টছ ডেস্ক,২ অক্টোবৰ : এছিয়ান গেমছত আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে লাভ কৰিলে ৰূপৰ পদক । ভাৰতীয় ৰেচাৰ জ্যোতি য়াৰাজীয়ে লাভ কৰিলে ৰূপৰ পদক । প্ৰতিযোগিতাটোত প্ৰথমে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল । তাৰ পাছত দৌৰিবলৈ অনুমতি দিয়া হয় আৰু অৱশেষত তেওঁ তৃতীয় স্থান লাভ কৰে । এছিয়ান গেমছত মহিলাৰ ১০০ মিটাৰ হৰ্ডলছ দৌৰৰ সময়ত কেইমিনিটমানৰ ব্যৱধানতে এই ঘটনাবোৰ ঘটিছিল । যাক লৈ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী আচৰিত হৈ পৰিছে ।

বিগ লোটাছ ষ্টেডিয়ামত মহিলাৰ ১০০ মিটাৰ হৰ্ডলছ দৌৰ অনুষ্ঠিত হৈছিল । কিন্তু বিচাৰকসকলে হঠাতে খেল বন্ধ কৰি দিয়ে । ৰিপ্লেত স্পষ্টকৈ দেখুওৱা হৈছিল যে চীনা দৌৰবিদ উ য়ান্নী আৰু ভাৰতীয় খেলুৱৈগৰাকীয়ে সংকেত দিয়াৰ পূৰ্বে দৌৰ আৰম্ভ কৰিছিল । যাৰ বাবে বিচাৰকসকলে য়ান্নী আৰু ভাৰতৰ য়াৰাজীক অযোগ্য় ঘোষণা কৰে ।

য়াৰাজীয়ে কিছু সময়ৰ বাবে তাত থিয় হৈ প্ৰতিবাদ কৰে আৰু কিছু সময়ৰ বাবে এই দৌৰ বন্ধ হৈ থাকে । পাছত, বিচাৰকসকলে তেওঁলোক দুয়োকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ে আৰু য়ান্নীয়ে চীনা লিন য়ুৱেইৰ পাছত দ্বিতীয় স্থান লাভ কৰে আৰু য়াৰাজীয়ে তৃতীয় স্থান লাভ কৰে । অৱশ্যে ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনে তাৎক্ষণিকভাৱে প্ৰতিবাদ কৰে আৰু মিনিটৰ ভিতৰতে য়ান্নীক কাৰিকৰী নিয়ম ১৬.৮ ৰ অধীনত অযোগ্য ঘোষণা কৰা হয় আৰু য়াৰাজীৰ ব্ৰঞ্জৰ পদক ৰূপলৈ উন্নীত কৰা হয় ।

এএফআইৰ মতে ব্ৰেকিং দ্য গান নিয়মৰ অধীনত প্ৰথমে চীনা খেলুৱৈ য়ান্নীয়ে দৌৰিছিল আৰু তেওঁ দৌৰাৰ লগে লগে স্বাভাৱিকতে বাকীসকলে অৰ্থাৎ ভাৰতীয় খেলুৱৈগৰাকীয়েও দৌৰিছিল । সেয়ে নিৰ্দিষ্ট নিয়মৰ অধীনত য়ান্নীয়ে প্ৰথমে ভুল কৰিছিল আৰু তেওঁ অযোগ্য ঘোষণা কৰিব লাগে । কিন্তু ভাৰতীয় খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাটো উচিত নাছিল বুলি এএফআইয়ে দাবী কৰে । খেলৰ অন্তত এএফআইয়ে বিচাৰকসকলৰ সিদ্ধান্তক সমালোচনা কৰি প্ৰতিবাদ কৰে আৰু অৱশেষত দ্বিতীয় স্থান লাভ কৰা য়ান্নীক অযোগ্য ঘোষণা কৰা হয় । লগে লগে তৃতীয় স্থানত থকা জ্যোতি য়াৰাজী দ্বিতীয় স্থানলৈ উন্নীত হয় আৰু ৰূপৰ পদক লাভ কৰে ।

লগতে পঢ়ক :Asian Games 2023: পুৰুষৰ ৩০০০ মিটাৰ ষ্টীপলচেজ ইভেণ্টত সোণৰ পদক লাভ ভাৰতৰ অবিনাশ ছেবলেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.