ETV Bharat / sports

US Open 2023 Badminton : পিভি সিন্ধু আৰু লক্ষ্য সেন কোৱাৰ্টাৰ ফাইনেলত

author img

By

Published : Jul 14, 2023, 5:34 PM IST

US Open 2023 Badminton
US Open 2023 Badminton

সিন্ধুৱে পৰৱৰ্তী ৰাউণ্ডত চীনৰ গাও ফাং জিয়েৰ মুখামুখী হ'ব । আনহাতে, পুৰুষৰ ছিংগলছত দুই ভাৰতীয়ৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব । তৃতীয় স্থানৰ সেনে চেন্নাইৰ প্ৰতিশ্ৰুতিসম্পন্ন শ্বাটলাৰ ১৯ বছৰীয়া এছ শংকৰ মুথুস্বামীৰ বিপৰীতে অৱতীৰ্ণ হ'ব ।

স্পৰ্টছ ডেস্ক, ১৪ জুলাই : ভাৰতীয় তাৰকা শ্বাটলাৰ পিভি সিন্ধু আৰু লক্ষ্য সেনে ইউএছ অপেন ছুপাৰ ৩০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ মহিলা আৰু পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে । দুয়োগৰাকী ভাৰতীয় শ্বাটলাৰে পোনপটীয়া ছেটত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান সুনিশ্চিত কৰে । দুবাৰকৈ অলিম্পিকৰ পদক বিজয়ী তথা তৃতীয় ৰেংকৰ তাৰকা শ্বাটলাৰ সিন্ধুৱে কোৰিয়াৰ চুং চুও য়ুনক ২১-১৪, ২১-১২ ব্যৱধানত পৰাস্ত কৰে । আনহাতে, বিগত সপ্তাহত কানাডা অপেন ছুপাৰ 500 খিতাপ দখল কৰি উজ্জীৱিত হৈ থকা লক্ষ্য সেনে চেক গণৰাজ্যৰ জান লুডাক ৩৯ মিনিটত ২১-৮, ২৩-২১ৰ ব্যৱধানত পৰাস্ত কৰে ।

সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত চীনৰ গাও ফাং জিয়েৰ মুখামুখী হ'ব । আনহাতে, পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য সেনৰ আন এগৰাকী ভাৰতীয় শ্বাটলাৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব । তৃতীয় স্থানৰ সেনে চেন্নাইৰ প্ৰতিশ্ৰুতিসম্পন্ন ১৯ বছৰীয়া শ্বাটলাৰ এছ শংকৰ মুথুস্বামীৰ মুখামুখী হ'ব । উল্লেখ্য, ২০২২ চনৰ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী শংকৰে আকৰ্ষণীয় যুঁজৰ অন্তত ইজৰাইলৰ মিছা জিলবাৰমেনৰ বিৰুদ্ধে প্ৰিকোৱাৰ্টাৰত ২১-১৮, ২১-২৩, ২১-১৩ ব্যৱধানত জয়লাভ কৰে ।

উল্লেখ্য যে সিন্ধুৱে চুঙৰ বিৰুদ্ধে বেছি কষ্ট কৰিবলগা নহ'ল । তেওঁৰ প্ৰতিপক্ষই মেচখনত ভাৰতীয় শ্বাটলাৰগৰাকীৰ বিৰুদ্ধে বিশেষ কোনো প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰিলে । সিন্ধুৱে ১৩-৫ লৈ অগ্ৰগতি লোৱাৰ পূৰ্বে আৰম্ভণিতে ৭-২ ৰ অগ্ৰগতি লাভ কৰিছিল । অৱশ্যে চুঙে এই ব্যৱধান ১১-১৪ লৈ হ্ৰাস কৰিবলৈ সক্ষম হয় যদিও সিন্ধুৱে প্ৰত্যাৱৰ্তনৰ কোনো সুবিধা প্ৰদান কৰা নাছিল । অৱশেষত দীঘলীয়া ৰেলীৰ অন্তত সিন্ধুৱে বিজয় আঁজুৰি আনিবলৈ সক্ষম হয় ।

অৱশ্যে কোৰ্ট সলনি হোৱাৰ পিছত চুঙে আৰম্ভণিতে ভাৰতীয় শ্বাটলাৰগৰাকীৰ সৈতে তাল মিলাবলৈ আৰম্ভ কৰিছিল । এসময়ত তেওঁ ৫-৩ৰ কম ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল । কিন্তু সিন্ধুৱে ৭-৭ৰ পৰা পুনৰ নিজৰ ৰেকেটৰ যাদু দেখুৱাবলৈ আৰম্ভ কৰে আৰু কোৰিয়াৰ শ্বাটলাৰগৰাকীৰ প্ৰত্যাৱৰ্তনৰ সকলো আশা মষিমূৰ কৰে । বিৰতিৰ সময়ত সিন্ধুৱে ১১-৮ ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছিল আৰু চুঙক কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাছিল । তেনেদৰে আগবাঢ়ি গৈ ১৬-১২ ব্যৱধানৰ পৰা সিন্ধুৱে বাকী থকা পইণ্টবোৰ হস্তগত কৰিছিল ।

সেনেও ৬-১ ৰ অগ্ৰগতিৰে বিজয়ৰ পথ নিৰ্মাণ কৰিছিল আৰু তাৰ পিছত ১৭-৫ ব্যৱধানলৈ জাঁপ মাৰিছিল । তেনেদৰেই আৰম্ভণিৰ গেমত তেওঁৰ প্ৰতিদ্বন্দ্বীক যযুঁজৰ পৰা আঁতৰাই পঠাইছিল । অৱশ্যে ৩৯ বছৰীয়া চেক খেলুৱৈগৰাকীয়ে দ্বিতীয় গেমত এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে আৰু সেনৰ প্ৰতি প্ৰত্যাহ্বান আগবঢ়ায় । জানে এটা সময়ত ৮-৫ ব্যৱধানত অগ্ৰগতি লাভ কৰি তাৰ পৰা ১৯-১৪ ব্যৱধানত উপনীত হয় । যাৰ ফলত সেনৰ বাবে এক বিপৰীত পৰিস্থিতিৰ সৃষ্টি কৰে । কিন্তু সেনে একেৰাহে পাঁচ পইণ্ট দখল কৰি ১৯-১৯ ব্যৱধানলৈ আহে আৰু মেচখনক এক উত্তেজনাপূৰ্ণ পৰিস্থিতিলৈ লৈ যায় । সেনে সেই সময়ত কেইটামান কঠোৰ ৰেলীৰ পিছত গেম পইণ্ট সংগ্ৰহ কৰি মেচখন নিজৰ দখললৈ নিয়ে ।

লগতে পঢ়ক :Yashasvi Jaiswal debut test century : অভিষেকতে অভিলেখ জয়ছোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.