ETV Bharat / sports

Yashasvi Jaiswal debut test century : অভিষেকতে অভিলেখ জয়ছোৱালৰ

author img

By

Published : Jul 14, 2023, 12:25 PM IST

ভাৰতৰ যুৱ তাৰকা অপেনাৰ বেটছমেন যশস্ৱী জয়ছোৱালে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক টেষ্ট মেচত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে । ৰোহিত আৰু জয়ছোৱালৰ শতকে প্ৰথমখন টেষ্টত ভাৰতক শক্তিশালী স্থিতিত লৈ আহিছে ।

Yashasvi Jaiswal debut test century
অভিষেকতে অভিলেখ জয়ছোৱালৰ

স্পৰ্টছ ডেস্ক,১৪ জুলাই : ডমিনিকাৰ উইণ্ডছৰ পাৰ্কত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত ভাৰতৰ প্ৰতিভাশালী যুৱ তাৰকা অপেনাৰ বেটছমেন যশস্বী জয়ছোৱালে বেটৰ যাদু দেখুৱাইছে । অভিষেক মেচখনত (Debut match) শতক অৰ্জন কৰি ভাৰতীয় ক্ৰিকেটত ইতিহাস ৰচনা কৰিলে ২১ বছৰীয়া ক্ৰিকেটাৰজনে । আই পি এল ২০২৩ ত মাত্ৰ ১৩ টা বলত অৰ্ধশতক অৰ্জন কৰা জয়ছোৱালে এতিয়ালৈকে অতি বুজাবুজি আৰু ধৈৰ্য্যৰে বেটিং কৰি আছে । দ্বিতীয় দিনাৰ খেলৰ শেষলৈ জয়ছোৱালে ৩৫০ টা বলত ১৪৩ ৰাণ কৰি নট আউট হৈ আছে । জয়ছোৱালে অভিষেক টেষ্টত শতক অৰ্জন কৰি ক্ৰিকেটপ্ৰেমীক আচৰিত কৰি তুলিছে ।

যশস্বী জয়ছোৱালে অভিষেক টেষ্ট মেচত শতক অৰ্জন কৰা ১৭ নম্বৰ ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত শতক অৰ্জন কৰি তেওঁ লালা অমৰনাথ, সৌৰভ গাংগুলী, সুৰেশ ৰাইনা, শিখৰ ধাৱান আৰু ৰোহিত শৰ্মাৰ দৰে খেলুৱৈৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় ।

ইফালে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৪৩ ৰাণ সংগ্ৰহ কৰি নটআউট হৈ থকা যশস্ৱী জয়ছোৱালে ভাৰতৰ বাহিৰত অভিষেক মেচত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় অপেনাৰ হিচাপে পৰিগণিত হৈছে । আনকি সুনীল গাভাস্কাৰ আৰু বীৰেন্দ্ৰ ছেহৱাগৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰসকলেও এই কৃতিত্ব অৰ্জন কৰিব নোৱাৰিলে । কেৱল এয়াই নহয় ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক মেচত শতক অৰ্জন কৰা কনিষ্ঠতম ভাৰতীয় বেটছমেন হিচাপেও পৰিগণিত হৈছে জয়ছোৱাল ।

ইফালে টেষ্ট অভিষেক মেচত শতক অৰ্জন কৰা তৃতীয় ভাৰতীয় অপেনাৰৰ কৃতিত্বও অৰ্জন কৰিছে যশস্বী জয়ছোৱালে । তেওঁৰ পূৰ্বে শিখৰ ধাৱানে ২০১৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৮৭ ৰাণ সংগ্ৰহ কৰিছিল আৰু পৃথ্বী শ্ব'য়ে ২০১৮ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৩৪ ৰাণ সংগ্ৰহ কৰিছিল ।

যোৱা ১৩ বছৰত প্ৰথম ভাৰতীয় বেটছমেন হৈছে জয়ছোৱাল যিয়ে অভিষেক মেচত শতক অৰ্জন কৰিছে । বাওঁহাতৰ বেটছমেন সুৰেশ ৰাইনা হৈছে অন্তিমগৰাকী খেলুৱৈ যিয়ে ২০১০ চনত শ্ৰীলংকাৰ বিৰুদ্ধে অভিষেক মেচত শতক অৰ্জন কৰিছিল ।

প্ৰথম টেষ্টখনত যশস্বী জয়ছোৱাল আৰু ৰোহিত শৰ্মাই ভাৰতীয় দলটোক এক সুন্দৰ আৰম্ভণি দিছে । অপেনাৰ যুটি হিচাপে দুয়োৰে এইখন প্ৰথমখেল আছিল । য'ত দুয়োগৰাকীয়ে প্ৰথম ইনিংছতে যথেষ্ট আগবাঢ়ি গৈছিল । যাৰ বাবে ভাৰতে কোনো উইকেট নেহেৰুৱাকৈ প্ৰথমবাৰৰ বাবে টেষ্ট মেচত অগ্ৰগতি অৰ্জন কৰিছে । যশস্বী জয়ছোৱাল আৰু ৰোহিত শৰ্মাই একেলগে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২২৯ ৰাণ সংগ্ৰহ কৰে । ভাৰতে প্ৰথম দিনাৰ খেল হোৱালৈ ২ টা উইকেট হেৰুৱাই ৩১২ ৰাণ সংগ্ৰহ কৰে । জয়ছোৱালৰ সৈতে ৩৬ ৰাণত নটআউট হৈ আছে বিৰাট কোহলী । ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি প্ৰথম দিনাই মাত্ৰ ১৫০ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাইছিল ।

লগতে পঢ়ক :IND vs WI Test 2023 : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ সন্মুখত কি হ'ব প্ৰত্যাহ্বান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.