ETV Bharat / sports

FIFA World Cup 2026 : পুনৰ ফিফা বিশ্বকাপ 2026 ত খেলিব লিঅ’নেল মেছিয়ে !

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:31 PM IST

FIFA World Cup 2026
পুনৰ ফিফা বিশ্বকাপ 2026 ত খেলিব লিঅ’নেল মেছিয়ে !

আৰ্জেণ্টিনা ফুটবল এছ'চিয়েশ্যনৰ সভাপতি ক্লাডিঅ’ টাপিয়াই সম্ভাৱনা প্ৰকাশ কৰি কয় যে, পুনৰ 2026 চনৰ ফিফা বিশ্বকাপত মেছিয়ে পুনৰ ৰাষ্ট্ৰৰ হৈ প্ৰতিনিধিত্ব কৰিব ৷

স্পোৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ : 2022 বৰ্ষত ডুবাইৰ কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপত আৰ্জেণ্টিনা জয়ী হোৱাৰ পিচতেই এইবাৰ পুনৰ 2026 চনৰ ফিফা বিশ্বকাপলৈ সাজু হৈছে ৷ এইবাৰ পুনৰ ৰাষ্ট্ৰখনৰ প্ৰতিনিধিত্ব কৰি লিঅ’নেল মেছিয়ে খেলত অংশগ্ৰহণ কৰিব পাৰে দেশখনৰ শীৰ্ষ ফুটবল খেলুৱৈয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ আৰ্জেণ্টিনা ফুটবল এছ'চিয়েশ্যনৰ সভাপতি ক্লাডিঅ’ টাপিয়াই কয় যে, দেশে তেওঁক পৰৱৰ্তী বিশ্বকাপত খেলি থকা চাব বিচাৰে ৷ তেওঁ যদি বিচাৰে এই সন্দেহ বাস্তৱায়িত হ’ব পাৰে ৷

লগতে টাপিয়াই কৈছিল যে,তেওঁ সদায় অধিক লক্ষ্য কৰে ৷ তেওঁ কেতিয়াও হাৰ নামানে আৰু সদায় তেওঁৰ ফুটবলপ্ৰেমীসকলক তেওঁৰ খেলৰ যোগেৰে আচৰিত কৰে ৷"

বুয়েনছ আইৰেছত এক ক্ৰীড়াসন্মিলনৰ সময়ত টাপিয়াই উল্লেখ কৰে যে,"এই সম্পৰ্কে ময়ে ভাবিছিলো যে, মই কিয় এই সফলতা লাভ কৰিবলৈ নোৱাৰিলো ৷ মই মেছিয়ে আৰ্জেণ্টিনাৰ দলৰ হৈ ফিফা বিশ্বকাপ 2026 ত অংশগ্ৰহণ কৰাটো বিচাৰোঁ ৷ এতিয়াৰ দৰেই তেওঁ খেলি থাকিলে মেছিয়ে সহজতে 2026 চনৰ বিশ্বকাপত খেলিব পাৰিব ৷"

টাপিয়াই কৈছিল যে মেছিয়ে তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰ কেতিয়া শেষ কৰিব সেই সম্পৰ্কে বাঁচনি কৰা সম্পূৰ্ণ অধিকাৰ আছে ৷ তেওঁ কি বিচাৰে এইটো সম্পূৰ্ণ তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব ৷ মই তেওঁক পৰৱৰ্তী বিশ্বকাপত খেলি থকা দেখিছো ৷ যদি তেওঁ বিচাৰে তেন্তে সঁচাকৈয়ে এয়া বাস্তবায়িত হ’ব পাৰে ৷

কাটাৰত বিগত বৰ্ষত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ ২০২২ চনৰ সংস্কৰণৰ সময়ত মেছিয়ে দলটোক নেতৃত্ব দিছিল।

লগতে পঢ়ক: Colombo heavy rains: হাম্বানটোটালৈ এছিয়া কাপৰ পৰৱৰ্তী খেলসমূহ স্থানান্তৰৰ সম্ভাৱনা আছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.