ETV Bharat / sports

Colombo heavy rains: হাম্বানটোটালৈ এছিয়া কাপৰ পৰৱৰ্তী খেলসমূহ স্থানান্তৰৰ সম্ভাৱনা আছে

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 1:31 PM IST

কলম্বোত হোৱা ধাৰাসাৰ বৰষুণে এছিয়া কাপত ব্যাপক প্ৰভাৱ পেলাইছে । যাৰ বাবে চুপাৰ-৪ৰ খেল আৰু এছিয়া কাপৰ ফাইনেল হাম্বানটোটালৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে । প্ৰথমখন খেল বাতিল হোৱাৰ পাছত দেওবাৰে পুনৰ ভাৰত আৰু পাকিস্তান মুখামুখি হ'ব ।

Colombo heavy rains
হাম্বানটোটালৈ এছিয়া কাপৰ পৰৱৰ্তী খেলসমূহ স্থানান্তৰৰ সম্ভাৱনা আছে

স্পৰ্টছ ডেস্ক, ৫ ছেপ্টেম্বৰ : এইবাৰ এছিয়া কাপ পাকিস্তানে আয়োজন কৰিছে । কিন্তু ভাৰতীয় দলটোৱে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাৰ বাবে শ্ৰীলংকাতো অনুষ্ঠিত হৈছে এছিয়া কাপৰ মেচ । ইতিমধ্যে শ্ৰীলংকাত এছিয়া কাপৰ খেল অনুষ্ঠিত হৈছে যদিও প্ৰতিকূল বতৰে ব্যাপক খেলিমেলিৰ সৃষ্টি কৰিছে ।

শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয় । ভাৰত আৰু নেপালৰ মাজত অনুষ্ঠিত খেলখনতো বৰষুণে বাধা দিয়া দেখা গৈছিল । যাৰ বাবে শ্ৰীলংকা ক্ৰিকেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ।

শ্ৰীলংকা ক্ৰিকেটৰ সূত্ৰৰ মতে চুপাৰ-৪ৰ খেল আৰু এছিয়া কাপৰ ফাইনেল কলম্বোৰ পৰা দক্ষিণ জিলা হাম্বানটোটালৈ স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে । এছিয়ান ক্ৰিকেট কাউন্সিলে বিয়লিলৈ এই সন্দৰ্ভত ঘোষণা কৰাৰ সম্ভাৱনা আছে । জানিব পৰা মতে ৰাজধানী চহৰ কলম্বোৰ লগতে কেন্দ্ৰীয় চহৰ কান্দিত হোৱা ধাৰাসাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।

উল্লেখ্য যে ভাৰতৰ দুয়োখন খেল বৰষুণে প্ৰভাৱিত কৰিছে । শনিবাৰে ধাৰাসাৰ বৰষুণৰ বাবে এটা ইনিংছৰ পাছত কান্দিৰ পাল্লেকেলে ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ বহু প্ৰত্যাশিত খেলখন বাতিল কৰা হয় । আনহাতে সোমবাৰে নেপালৰ বিৰুদ্ধে ভাৰতৰ খেলখনো বৰষুণৰ বাবে ডিএলএছ পদ্ধতিৰ অধীনত অ’ভাৰ কমাই দিয়া হয় ।

সূত্ৰৰ মতে সম্প্ৰচাৰ অপাৰেটৰ আৰু স্থানীয় যোগাযোগ সেৱা প্ৰদানকাৰীসকলক হাম্বানটোটাত থকা সুবিধাবোৰ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । কিয়নো উক্ত অঞ্চলটোত শেহতীয়া সপ্তাহবোৰত খৰাং বতৰ দেখা গৈছে । সেয়েহে, কলম্বোৰ প্ৰেমদাচা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ৫ খন চুপাৰ-৪ৰ খেল আৰু ফাইনেল এতিয়া হাম্বানটোটাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

হাম্বানটোটাৰ ৰাজপাক্ষে ষ্টেডিয়াম এছিয়া কাপৰ ষ্টেডিয়ামৰ তালিকাত নাছিল । এই ষ্টেডিয়ামত অন্তিমখন এদিনীয়া খেল আগষ্টত অনুষ্ঠিত হৈছিল । উল্লেখ্য যে প্ৰথমখন খেল বাতিল হোৱাৰ লগে লগে দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰৱৰ্তী খেলৰ বাবে এটা দিন সংৰক্ষিত ৰখাৰো প্ৰস্তাৱ দিয়া হৈছে ।

লগতে পঢ়ক :ICC World Cup 2023: ৰাহুল নে ঈশান ! আজি ঘোষণা হ’ব বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.