ETV Bharat / sports

বিবাহ বান্ধোনত বান্ধ খালে দীপিকা কুমাৰী আৰু অতনু দাস

author img

By

Published : Jul 1, 2020, 5:48 AM IST

Updated : Jul 1, 2020, 1:01 PM IST

কৰ’ণা ভাইৰাছৰ মহামাৰীৰ মাজতেই মঙলবাৰে বিবাহ বান্ধোনত আবদ্ধ হ’ল অলিম্পিয়ান খেলুৱৈ দীপিকা কুমাৰী আৰু অলিম্পিয়ান আৰ্চাৰী অতনু দাস ৷ কৰ’ণা ভাইৰাছৰ সকলো নীতি-নিয়মৰ মাজেৰে সম্পন্ন হয় এই বিবাহ অনুষ্ঠান ৷
বিবাহ বান্ধোনত বান্ধ খালে দীপিকা কুমাৰী আৰু অতনু দাস
বিবাহ বান্ধোনত বান্ধ খালে দীপিকা কুমাৰী আৰু অতনু দাস

স্পৰ্টছ ডেস্ক, 1 জুলাইঃ বিবাদ পাশত আবদ্ধ হ’ল অলিম্পিয়ান আৰ্চাৰী খেলুৱৈ দীপিকা কুমাৰী আৰু অতুন দাস ৷ এই বিবাহ অনুষ্ঠানত উপস্থিত থাকে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ ৷ কৰ’ণা ভাইৰাছৰ মহামাৰী বাবে যথেষ্ট নীতি-নিয়মৰ মাজৰে সম্পন্ন হয় এই বিবাহ অনুষ্ঠান ৷ জানিব পৰা মতে,কেৱল 60 গৰাকী লোকক হে এই বিবাহ অনুষ্ঠানত নিমন্ত্ৰণ দিয়া হৈছিল ৷

বিবাহ বান্ধোনত বান্ধ খালে দীপিকা কুমাৰী আৰু অতনু দাস
বিবাহ বান্ধোনত বান্ধ খালে দীপিকা কুমাৰী আৰু অতনু দাস

বিবাদ সন্দৰ্ভত দীপিকাই কয়,বিবাহৰ সকলো নীতি-নিয়ম অতিকৈ ধুনীয়া হয় ৷ প্ৰথমে মই এইবোৰ আমনিদায়ক ভাবিছিলো যদিও এইবোৰ সঁচাকৈ উৎসাহিত কৰা বিধৰ হয় ৷

আনহাতে কেৰিয়াৰ সন্দৰ্ভত খেলুৱৈগৰাকীয়ে কয়,মই আৰু মোৰ স্বামী অতনুৱে পুনৰ খেলপথাৰত অনুশীলনৰ বাবে প্ৰত্যাৱৰ্তন কৰি অলিম্পিকৰ বাবে নিজৰ প্ৰস্তুতি চলাম ৷ উল্লেখ্য যে,অতনু দাসো এগৰাকী আৰ্চাৰী খেলুৱৈ ৷ কলকাতাত ঘৰ অতনুৰ ৷

উল্লেখ্য যে,দীপিকাই আৰ্চাৰী বিশ্বকাপত ভাৰতৰ বাবে 5 বাৰ সোণৰ পদক বুটলি আনিবলৈ সক্ষম হৈছে ৷ য’ত দুবাৰ ব্যক্তিগত ভাৱে আৰু তিনিবাৰ দলীয় ভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ লগতে বিশ্বকাপতেই বিভিন্ন শাখাত 13 টাকৈ ৰূপৰ আৰু 5 টাকৈ ব্ৰঞ্জৰ পদকো লাভ কৰি দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে দীপিকাই ৷ ৱৰ্ল্ড চেম্পিয়নশ্বপিতো দুবাৰকৈ মহিলা দলটোৱে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

2010 চনৰ কমনৱেলথ গেমছত 2 টাকৈ স্বৰ্ণ পদক আৰু এছিয়ান গেমছত এটা ব্ৰঞ্জৰ পদক আঁজুৰি আনিছিল দীপিকাই ৷ 2012 চনত সুন্দৰ প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল দীপিকাক ৷ আনহাতে 2016 চনত পদ্মশ্ৰী সন্মান দিয়া হৈছিল খেলুৱৈগৰাকীক ৷ অতনু দাস আৰু দীপিকা প্ৰথমবাৰৰ বাবে 2008 চনত লগ পাইছিল ৷ ইয়াৰ পাচতেই দুয়োয়ে 2018 চনত আঙুটি পিন্ধাইছিল ৷

লগতে চাওক-প্ৰথমখন টেষ্টত অংশ নলয় জ’ ৰুট, দলৰ নেতৃত্ববহন কৰিব ষ্ট’কছে : ইচিবি

Last Updated :Jul 1, 2020, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.