ETV Bharat / sports

প্ৰথমখন টেষ্টত অংশ নলয় জ’ ৰুট, দলৰ নেতৃত্ববহন কৰিব ষ্ট’কছে : ইচিবি

author img

By

Published : Jul 1, 2020, 5:04 AM IST

Joe Root will not play in first test stokes will captain Ecb
Joe Root will not play in first test stokes will captain Ecb

আগন্তুক 8 জুলাইৰ পৰা ইংলেণ্ডত আৰম্ভ হ’ব ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট মেচ ৷ কিন্তু প্ৰথমখন টেষ্টত অংশ নলয় ইংলেণ্ড দলৰ এগৰাকী শ্ৰেষ্ঠ খেলুৱৈ জ’ ৰুটে ৷ অধিনায়কৰ ভূমিকাত দেখা পোৱা যাব অলৰাউণ্ডাৰ বেন ষ্ট’কছক ৷

স্পৰ্টছ ডেস্ক, 1 জুলাই : ক’ভিড-19 ৰ মহামাৰীৰ পাচতেই অহা 8 জুলাইৰ পৰা ইংলেণ্ডত আৰম্ভ হ’ব তিনিখন মেচৰ টেষ্ট শৃংখলা ৷ ঘৰুৱা দলটোৰ মুখামুখি হ’ব কেৰেবিয়ান দল ৱেষ্ট ইণ্ডিজ ৷ কিন্তু জ’ ৰুটৰ অনুৰাগীৰ বাবে আছে এক দুঃখবৰ ৷ ব্যক্তিগত কাৰণত প্ৰথমখন টেষ্টত অংশগ্ৰহণ নকৰে খেলুৱৈগৰাকীয়ে ৷ মঙলবাৰে ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পৰা সদৰি কৰা হৈছে এই কথা ৷

খেলুৱৈগৰাকী দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱাৰ পাচতেই প্ৰথমখন টেষ্টত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মঙলবাৰে ইচিবিয়ে তেওঁৰ পত্নীয়ে দ্বিতীয়টো সন্তান জন্ম দিয়াৰ কথা উল্লেখ কৰে ৷ যাৰ বাবে তেওঁৰ অনুৰাগীক খেলুৱৈগৰাকীক দীৰ্ঘদিনৰ অন্তত পুনৰ খেলপথাৰত প্ৰত্যক্ষ কৰিবলৈ অপেক্ষা কৰিব লাগিব দ্বিতীয়খন টেষ্টৰ বাবে ৷

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত অধিনায়কৰ দায়িত্ব অৰ্পন ষ্ট’কছক
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত অধিনায়কৰ দায়িত্ব অৰ্পন ষ্ট’কছক

ৰুটৰ অনুপস্থিতিত ইংলেণ্ড দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে অলৰাউণ্ডাৰ খেলুৱৈ বেন ষ্ট’কছক ৷ আনহাতে সহঃঅধিনায়কৰ ভূমিকাত থাকিব জছ বাটলাৰ ৷ বাটলাৰ ইংলেণ্ড দলৰ সীমিত অভাৰৰো সহঃ অধিনায়ক ৷

ইচিবিয়ে লগতে কয়, পৰিয়াল আৰু হাস্পতলাৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ পাচতেই ৰুটক সাত দিনৰ বাবে ছেল্ফ আইচ’লেচনত ৰখা হ’ব ৷ 13 জুলাইৰ পৰা হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ পূৰ্বে ইংলেণ্ড দলৰ সৈতে মিলিত হ’ব ৰুট

লগতে চাওক-'ব্লেক লিভছ মেটাৰ' চিহ্নৰ জাৰ্চী পৰিধান কৰিব ৱেষ্ট ইণ্ডিজৰ খেলুৱৈয়ে

TAGGED:

ECB
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.