ETV Bharat / sports

দুৰ্ঘটনাত পতিত ভাৰতীয় বাইক ৰেচাৰ চি এছ সন্তোষ

author img

By

Published : Jan 8, 2021, 7:34 PM IST

ডকাৰ ৰেলীত অংশগ্ৰহণৰ সময়তে দুৰ্ঘটনাত পতিত ভাৰতীয় বাইক ৰেচাৰ চি এছ সন্তোষ । দুৰ্ঘটনাৰ পিছতে হিৰ' মট' স্পৰ্টছে ৰেলীৰ পৰা ওলাই আহে ।

দুৰ্ঘটনাত পতিত ভাৰতীয় বাইক ৰেচাৰ চি এছ সন্তোষ
দুৰ্ঘটনাত পতিত ভাৰতীয় বাইক ৰেচাৰ চি এছ সন্তোষ

স্পৰ্টছ ডেস্ক, ৮ জানুৱাৰী: বুধবাৰে চৌদি আৰৱত ডকাৰ ৰেলীত অংশগ্ৰহণৰ সময়ত দুৰ্ঘটনাত পতিত হোৱা ভাৰতীয় বাইক ৰেচাৰ চি এছ সন্তোষৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও সুস্থিৰ নহয় । তেওঁ বৰ্তমান ক'মাত আছে বুলি জানিবলৈ দিছে চৌদি জাৰ্মান হাস্পতাল কৰ্তৃপক্ষই । লগতে সন্তোষে শৰীৰত বহুত বেছি আঘাত পোৱা নাই যদিও সোঁ বাহুত আঘাত পাইছে আৰু মস্তিস্কৰ ট্ৰ'মাত ভূগিছে বুলি প্ৰকাশ কৰিছে তেওঁৰ দল হিৰ' মট' স্পৰ্টছে ।

আৰোগ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পৰাকৈ কোনো ধৰণৰ গুৰুতৰ আঘাত শেহতীয়া স্কেনত ধৰা পৰা নাই । তেওঁক সোনকালে সুস্থ কৰি তুলিবলৈ কৃত্ৰিমভাৱে ক'মাত ৰখাটোৱে ভাল উপায় বুলি বিবেচনা কৰিছে তেওঁ চিকিৎসা প্ৰদান কৰি থকা চিকিৎসকৰ দলে । লগতে তেওঁক উৎকৃষ্ট চিকিৎসা সেৱা আগবঢ়োৱা হৈছে আৰু আগন্তুক কেইদিনমানৰ বাবে তেওঁক চিকিৎসকৰ তত্বাৱধান ৰখা হ'ব বুলি জনাইছে ।

লগতে পঢ়ক:তৃতীয় টেষ্টৰ দ্বিতীয় দিন : 2 উইকেটৰ বিনিময়ত ভাৰতৰ সংগ্ৰহ 96 ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.