ETV Bharat / sports

এছিয়ান আৰ্ছাৰী চেম্পিয়নশ্বিপ: ভাৰতীয় খেলুৱৈৰ তিনিটাকৈ ব্ৰঞ্জৰ পদক

author img

By

Published : Nov 26, 2019, 11:54 PM IST

অতনু দাসৰ নেতৃত্বত ভাৰতীয় আৰ্ছাৰী দলৰ সফলতা ৷ এছিয়ান চেম্পিয়নশ্বিপত তিনিটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে তিনিটাকৈ ৰূপৰ পদক নিশ্চিত কৰিলে ভাৰতীয় দলটোৱে ৷
এছিয়ান আৰ্ছাৰী চেম্পিয়নশ্বিপ: ভাৰতীয় খেলুৱৈৰ তিনিটাকৈ ব্ৰঞ্জৰ পদক
এছিয়ান আৰ্ছাৰী চেম্পিয়নশ্বিপ: ভাৰতীয় খেলুৱৈৰ তিনিটাকৈ ব্ৰঞ্জৰ পদক

স্পৰ্টছ ডেস্ক, 26 নৱেম্বৰ: বেংককত অনুষ্ঠিত হোৱা এছিয়ান আৰ্ছাৰী চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈৰ পদক অৰ্জন ৷ অতনু দাসৰ নেতৃত্বত ভাৰতীয় আৰ্ছাৰী দলে বৰ্তমানলৈকে তিনিটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে ইতিমধ্যে নিশ্চিত কৰিছে তিনিটাকৈ ৰূপৰ পদক ৷ পুৰুষৰ ৰিকৰ্ব শাখাত কোৰিয়াৰ জিন হায়েক অ’হক 6-5 ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতৰ অতনু দাসে ৷ ইপিনে সোমবাৰে মিশ্ৰিত ৰিকৰ্ব শাখাত দীপিকা কুমাৰী আৰু দাসে লাভ কৰিছিল ব্ৰঞ্জৰ পদক ৷

পুনৰ পুৰুষৰ ৰিকৰ্ব দলটোৱে আন এটা ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ বাবে পদকৰ হেটট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ পুৰুষ দলটোত থাকে অতনু দাস,তৰুণদ্বীপ ৰায় আৰু জয়ন্ত তালুকদাৰ ৷ দলটোৱে 6-2 ব্যৱধানত চীনক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে ৷ ইয়াৰ লগতে তিনিটা কম্পাউণ্ড শাখাত ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈয়ে ৷ যাৰ বাবে ইতিমধ্যে পদক নিশ্চিত হৈছে ভাৰতীয় দলটোৰ ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.