ETV Bharat / state

কংগ্ৰেছত থাকিলে চোৰ ডকাইত,বিজেপিত থাকিলে সত্যনাৰায়ণ: তৰুণ গগৈ

author img

By

Published : Nov 26, 2019, 5:12 PM IST

বগীবিল দলঙত প্ৰথমবাৰৰ বাবে উপস্থিত হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ বগীবিল দলঙত উপস্থিত হৈয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা গগৈৰ ৷ কংগ্ৰেছত থাকিলে চোৰ ডকাইত,বিজেপিত থাকিলে সত্যনাৰায়ণ ৷ কি প্ৰসংগত এই কথা ক’লে গগৈয়ে ৷

কংগ্ৰেছত থাকিলে চোৰ ডকাইত, বিজেপিত থাকিলে সত্যনাৰায়ণ: তৰুণ গগৈ
কংগ্ৰেছত থাকিলে চোৰ ডকাইত, বিজেপিত থাকিলে সত্যনাৰায়ণ: তৰুণ গগৈ

ডিব্ৰুগড়, 26 নৱেম্বৰ: মঙলবাৰে পুৱাই দলীয় কাৰ্যসূচী উপলক্ষে ডিব্ৰুগড় আৰু ধেমাজিলৈ যোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বগীবিল দলঙৰ ওপৰত অতিবাহিত কৰিলে কিছু সময় ৷বগীবিল দলঙত উপস্থিত হৈয়ে ক্ষুৰধাৰ সমালোচনা বিজেপিক তৰুণ গগৈৰ ৷ ৰাজ্যত অব্যাহত থকা চোৰাং কাঠ,বালি,কয়লাকে আদি কৰি বিভিন্ন চিণ্ডিকেট ৰাজৰ দুই ৰজা আখ্যা দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক।ইফালে বিজেপি নেতৃত্বাধীন ডিব্ৰুগড় পৌৰসভা ভংগ আৰু পৌৰসভাৰ দুৰ্নীতিৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয়,আই এচ আই পি এচক গ্ৰেপ্তাৰ কৰিছে কিন্তু তেওঁলোকৰ দলৰ মানুহ হ'লে ধোঁৱা তুলসীৰ পাত । কংগ্ৰেছত থাকিলে চোৰ ডকাইত, বিজেপিত থাকিলে সত্যনাৰায়ণ ৷

বগীবিল দলঙত উপস্থিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

বগীবিল দলঙত উপস্থিত হৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ক’লে এইটো মোৰ জীৱনৰ এটা স্মৰণীয় দিন ৷ কিন্তু বিজেপিয়ে কংগ্ৰেছে কৰা কামৰ ফলক বোৰ আঁতৰ কৰি যায় । কিন্তু মানুহে জানে আচল কথা । ৰাইজ ইমান অকৃতজ্ঞ নহয় । অৱশ্যে শেষৰ ফালে দলঙৰ কাম সম্পূৰ্ণ কৰাৰ বাবে বিজেপিক ধন্যবাদ দিয়া বুলিও মন্তব্য কৰে গগৈয়ে । দলং মুকলিৰ কাৰ্যসূচীত নিমন্ত্ৰণ নজনোৱা ৷ দলং নিৰ্মাণৰ সময়তে এবাৰ গগৈক পাৰ হ'বলৈ নিদিয়া বিষয় মনত পেলাই আক্ষেপেৰে সোঁৱৰিলে গগৈয়ে।

Intro:বগীবিল দলঙৰ ওপৰত ঠিয় হৈ তৰুণ গগৈৰ ঘোষণা "আকৌ আহিব কংগ্ৰেছৰ চৰকাৰ।" মুকলিৰ পাছত
বগীবিল দলঙত প্ৰথমবাৰৰ বাবে উপস্থিত হৈ গগৈৰ প্ৰতিক্ৰিয়া
আমি আহিমনহৈ power লৈ।কিমান সিহঁতে বহাই ৰাখিব পাৰিব।
দলং চাই গগৈ আনন্দিত,কলে এইটো মোৰ জীৱনৰ এটা স্মৰণীয় দিন।বগীবিল দলং কংগ্ৰেছৰে সপোন আছিল।
কিন্তু বিজেপিয়ে কংগ্ৰেছৰ কামৰ চিন নাথাকিবলৈ আধাৰশিলা আঁতৰ কৰি থয়।কিন্তু মানুহে জানে আচল কথা।
লখিমপুৰ
ডিব্ৰুগড়,ধেমাজি,জোনাই মানুহ কণা,বোবা নহয় ৰাইজ সজাগ জানে কোনে কি কৰিছিল।ৰাইজ ইমান অকৃতজ্ঞ নহয়।

Byte:gogoi

তথাপি দলঙৰ কাম সম্পূৰ্ণ কৰাৰ বাবে বিজেপিক দিলে ধন্যবাদ গগৈয়ে।দলং মুকলিৰ কাৰ্যসূচীত নিমন্ত্ৰণ নজনোৱা,দলং নিৰ্মাণ সময়তে এবাৰ গগৈক পাৰ হ'বলৈ নিদিয়া বিষয় মনত পেলাই আক্ষেপেৰে সোঁৱৰিলে গগৈয়ে।



মঙ্গলবাৰে পুৱাই দলীয় কাৰ্যসূচী লৈ ডিব্ৰুগড় আৰু ধেমাজিলৈ যোৱা গগৈয়ে বগীবিল দলঙৰ ওপৰত কিছুপৰ ৰৈ বিজেপিকো সমালোচনাৰে কেইবাটাও বিষয়ত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া।


ৰাজ্যত অব্যাহত থকা
চোৰাং কাঠ, বালি,কয়লাকে আদি কৰি চিণ্ডিকেটৰাজৰ দুই ৰজা আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ আৰু হিমন্তক।

ইফালে বিজেপি নেতৃত্বাধীন ডিব্ৰুগড় পৌৰসভা ভংগ আৰু পৌৰসভাৰ দুৰ্নীতিৰ বিষয়ে প্ৰতিক্ৰিয়াত ক'লে আই এচ, আই পি এচক গ্ৰেপ্তাৰ কৰিছে কিন্তু তেওঁলোকৰ দলৰ মানুহ হ'লে ধোঁৱা তুলসীৰ পাত।কংগ্ৰেছত থাকিলে চোৰ ডকাইত, বিজেপিত থাকিলে সত্যনাৰায়ণ হৈ যায়।

Byte:gogoiBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.